পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

ঘিণায়, সকলো ক্ষেত্ৰতে সমান অধিকাৰ নিদিয়ে। এই পাৰ্থকাৰ কাৰ্য্যটো বৰ অপ্ৰীতিকৰ, অতি দুখ লগা। লিখকে ভেনিচ চাবলৈ গৈ তাৰ ৰাষ্টুৰাঁ বা চাহ জলপানৰ হোটেলত সোমাই এই অসন্তোষীয়া কাৰ্যটোকে দেখিছিল।

 ৩৷ ভেনিচ চোৱাৰ অদম্য উৎসাহত এই ঘটনাই
 চেচা পানী ঢালা—(২নং কথাৰ লগত সম্বন্ধ ) গাত চেঁচা পানী ঢালি দিলে মনৰ উত্তেজিত ভাব দমন হয়; সেইদৰে লিখকে ভেনিচৰ প্ৰথম ৰাষ্টুৰাঁত ক'লা মানুহক বগাৰ লগত সমান অধিকাৰ নিদিয়া দেখি তেওঁৰ ভেনিচ চোৱাৰ অদম্য উৎসাহ চেঁচা পানী ঢলাৰ নিচিনা দমিত হৈছিল।

 ৪। ভেনিচখন দেখিলে ভাব হয়······পেলাই ৰাখিছে।— ভেনিচ চহৰখন ইটালীৰ সাগৰৰ পাৰত—ডেৰ শ মান খালে বিভক্ত কৰা ছকুৰিমান দ্বীপৰ সমষ্টি; অসংখ্য দলঙেৰে পৰস্পৰক সংযোগ কৰা হৈছে। লিখকে কল্পনা কৰিছে। যেন ভেনিচ চহৰখন বৰশীৰ টোপ, তাৰ দলংবিলাক বৰশীৰ ডোল। কোনোবাই যেন ইটালীৰ পাৰৰ পৰা এই দলং ৰূপী ডোল ডালেৰে ভেনিচ ৰূপী টোপটোক সাগৰৰ মাজলৈ লদিয়াই দি বৰশী টুপিয়াইছে।

কাৰবালা

কৰুণ = দুখ লগা, শোক লগা। প্ৰৱৰ্ত্তক—স্থাপন কৰোঁতা। মদিনাধিপতি = মদিনা + অধিপতি; মদিনাৰ অধিপতি (৬ষ্ঠীতৎ)। আনুগত্য = অনুগত + ষ্ণ্য। শৰণাগত, বশ্যতা। অগ্ৰাহ্য = গ্ৰহণ