পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
দেশভক্ত তৰুণৰাম ফুকন।
কাম— প্ৰথমে কিছুকাল কলিকতা হাইকোৰ্টত, পিছত গুৱাহাটীত বেৰিষ্টাৰী

কৰিছিল। গুৱাহাটী আৰ্লল কলেজৰ লেকচাৰাৰ আৰু অসম লেজিছলেটিভ কাউঞ্চিলৰ সভা হৈছিল। শেষত লেকচাৰাৰ আৰু সভ্য-পদ ত্যাগ কৰি মহাত্মাগান্ধীৰ 'অসহযোগ আন্দোলনত আত্ম নিয়োগ কৰে।

মহত্তৰ কাম – ওপৰত উনুকিওৱা সাটোত। কাম।

চৰিত্ৰৰ সুগুণ– খেল-ধেমাণিত পাকৈত, সুবিখ্যাত চিকাৰী, অসম দেশৰ

অদ্বিতীয় ৰাজনীতিবিদ, সুশিক্ষিত, সুসাহিত্যিক, বিনয়ী, আত্ম-সন্মানী ৰাইজৰ মনোৰঞ্জক, প্ৰিয়-দৰ্শন, আত্ম-নিৰ্ভৰশীল ( বিলাতৰ শিক্ষাৰ খৰছ নিজে উলিয়াইছিল ), ঈশ্বৰ ভক্ত, দেশভক্ত, পিন্ধন-উৰণ, চলন-ফুৰণ, কথন-মথন, পৰিপাটি থকা সুমাৰ্জিত, সুৰুচিসম্পন্ন; অসমীয়া, বঙলা, ইংৰাজী, উৰ্দু, হিন্দুস্তানী, পঞ্চভাষাবিদ; সুবক্তা, সপক্ষ-বিপক্ষ, শত্ৰু-মিত্ৰ সকলোৰে প্ৰিয়পাত্ৰ।

প্ৰশ্নঃ—

১। তলৰ কথা দুট৷ কোনে কাক কিয় কৈছিল :- -

(ক) আপোনাৰ দৰে লোকৰ জোৱাঁই হোৱাটো অতি সৌভাগ্যৰ কথা

(খ) ‘ৰবি বাবুৰ জামাই’

২। দেশ-ভক্ত ফুকনৰ দেশভত্তিৰ প্ৰমাণ দিয়া?
( উত্তৰত, তেওঁৰ চিৰ স্মৰণীয় মহত্তৰ কাম বিলাক বৰ্ণাব লাগিব )

৩৷ দেশ-ভক্ত ফুকনৰ চৰিত্ৰৰ সুগুণ বৰ্ণনা কৰা।

⸺৹:⸺৹