পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বন্দী জীৱনৰ এটি স্মৃতী।

সঙ্গসুখ লাভ আৰু তেওঁৰ পৰায়ে এমাহমানত লিখিব পঢ়িব শিকো। যঁতৰত ঘৃতা কটাৰ একান্ত আগ্ৰহ। বৰদলৈদেৱে মহাত্মাজীৰ ‘অনাসক্তি যোগ’ বোলা কিতাপখন উপহাৰ পোৱাত কমলে এখন মোনা সৌ কিতাপখন তাতে ৰখায়। স্বৰাজ লাভ সম্পৰ্কে কমলৰ দৃঢ় মত। কমলৰ গ্ৰহণী, এমিটিন’ বেজী দিয়াত হৃদযন্ত্ৰৰ অপকাৰ, ডাঃ হৰেকৃষ্ণ দাসৰ দ্বাৰা পৰীক্ষা, ফাটেকৰ পৰা লিখি দি ওলাই নাযাবলৈ খাটাং অভিমত, কাৰাগাৰৰ পৰা ওলোৱাৰ আগনিশা মৃত্যু। ফাটেকৰ ওচৰতে পৰিয়ালৰ মানুহৰ দ্বাৰা শৱ সৎকাৰ।

 কমল মিৰিৰ সোৱঁৰণিৰ পৰা স্বদেশ প্ৰেমৰ আহি পোৱা যায়।

⸻:৹:⸻

 

দেশ-ভক্ত তৰুণৰাম ফুকন।

 যুগাত্তৰ =যুগ+অন্তৰ; অন্য যি যুগ (কৰ্ম্মধাৰায় সমাস)। চিৰশ্ৰদ্ধা- ভাজন = চিৰকলীয়া ভক্তি, শ্ৰদ্ধাৰ পাত্ৰ; শ্ৰদ্ধাৰ ভাজন (৬ষ্ঠী তৎপুঃ সমাস)। চিৰন্তনীয়াকৈ = চিৰকলীয়াকৈ। পুৰুষোচিত = পুৰুষ + উচিত; উপযুক্ত পুৰুষ। খ্যাত নামা = যাৰ শুনাম সকলোৰে জনাজাত; খ্যাত নাম যাৰ (বহুব্ৰীহি)। অবিদিত = নজনা; নবিদিত (নঞ্ তৎ পুঃ) সুবিদিত=ভালৰূপে জনাজাত। প্ৰসিদ্ধি=সুনাম, সুখ্যাতি। অদ্বিতীয় =একমাত্ৰ, সৰ্ব্বশ্ৰেষ্ঠ দ্বিতীয় নাই যাৰ (বহুব্ৰীহি)। দুৰ্দাত্ত = দমাব নোৱাৰা ডাঙৰ। সুমাৰ্জিত =