পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰদেৱৰ উজনি অসম পৰিত্যাগ

[ বেজবৰুৱাদেৱে লিখা  “শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ পুথিৰ

 ১০৩ পৃষ্ঠা]

 আজ্ঞাক্ৰমে = আদেশ মতে। খোলা =মুকলিত ভাত ৰান্ধিবলৈ কৰা চৌকা=ভাত ৰন্ধা আখল, আখা। মোল = আদৰ, মৰম। কাঠসংস্কাৰ = কাঠৰ দ্বাৰা সংস্কাৰ (৩য়া তৎ ); সম্ + কাৰ (শুদ্ধ, শুচি); কাঠৰ দ্বাৰা শুচি কৰা, মৰাশক খৰি দিয়া। কৃত-সঙ্কল্প—সঙ্কল্প কৰিছে যি (বহুব্ৰীহি ); মনে মনে প্ৰতিজ্ঞা কৰোঁতা। শোকাবিষ্ট—শোক+আবিষ্ট = শোকত কাতৰ।

 প্ৰশ্ন:- ৺শঙ্কৰদেৱে কি কাৰণে উজনি অসম ত্যাগ কৰিলে আৰু এইছোৱা প্ৰৱন্ধৰ শেষলৈ তেওঁ কোন কোন ঠাইত থিতাপি লোৱা বুলি জনা যায়?

 উত্তৰ :-আহোম ৰজাৰ বেয়া ব্যৱহাৰত আৰু জোৱাঁয়েক হৰিক কটাত তেওঁ অতিশয় মনোকষ্ট পায়। ইপিনে কোচৰজা নৰনাৰায়ণৰো সুখ্যাতি শুনি ধুৱাহাট ( বৰ্ত্তমানৰ মাজুলি ) পৰিত্যাগ কৰে।

 তেওঁ সপৰিবাৰে মাধবদেৱৰ লগত জ্ঞাতি ভকত সকলক লই নাৱেৰে ( কিছুমানে কলৰ ভুৰেৰেও ) ব্ৰহ্মপুত্ৰ ভটিয়াই আহে। ৰৌৰোৱা সুঁতিৰ মুখ পাই তাতে ৰয়। তাৰ পিচত চাউলখোৱা নৈ পাই সেই সুঁতিৰে সোমাই টপাবৰীত থাকে; তাত বহাঘৰ সজাই ধৰ্ম্ম প্ৰচাৰ কৰে। কিন্তু তাত সকলোৰে জ্বৰ নৰিয়া হোৱাত আৰু মাধৱদেৱৰ মাতৃৰো শৰীৰ পৰাত আৰু ভটিয়াই আহি খোঁৰা নদী পায়। তাৰে ভটিয়াই আহি বাৰাদি পাই তাতে উঠে ‍। বাৰাদিত মাধৱদেৱে ৰামদাস আতাৰে সৈতে বুঢ়া দলৈৰ নতুন ঘৰত থাকে।