শাসন, প্ৰজা-পালন কাক বোলে বুজ নাপাইছিল, তেতিয়াও এই
পুণ্যক্ষেত্ৰত ৰাজৰ্ষি জনক প্ৰজাৰঞ্জক ৰামচন্দ্ৰ আৰু সত্য-ধৰ্ম্মপালক
যুধিষ্ঠিৰে পৃথিবীত স্বৰ্গৰাজ্য স্থাপন কৰিছিল। যেতিয়া জগতৰ
লোকে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ নাজানিছিল, ৰণ-বিগ্ৰহ কাক বোলে
ভু নাপাইছিল তেতিয়াও ৰণ-ধৰ্ম্ম-পৰায়ণ মহানুভব পিতামহ ভীষ্ম,
মহাবীৰ অৰ্জ্জুন, কৰ্ণ, আচাৰ্য্য দ্ৰোণ প্ৰভৃতি বীৰপুৰুষসকলে
এই ভাৰতবৰ্ষতে ধৰ্ম্ম-যুদ্ধৰ বিজয় পতাকা উৰুৱাইছিল। যেতিয়া
কাব্য আৰু সাহিত্য, ৰস আৰু অলঙ্কাৰ, ব্যাকৰণ আৰু ৰচনা,
গোটেই পৃথিবীৰ মানুহৰ কল্পনাৰ অতীত আছিল, তেতিয়াও
কবি-যোগী বাল্মীকি আৰু ব্যাস, কালিদাস আৰু ভবভুতিৰ কাব্যৰসে
ভাৰতভূমি ঢৌৱাই দিছিল। এই ভাৰততে তপস্বী ৰাজকুমাৰ
শাক্যসিংহ আৰু প্ৰাতঃস্মৰণীয় আদৰ্শ ৰাজপুৰুষ অশোকে পোন
প্ৰথমে “অহিসা পৰমোধৰ্ম্মঃ” মত আৰু মানব-প্ৰেম প্ৰচাৰ কৰিছিল।
ধন্য ভাৰতবৰ্ষ!
সোঁৱৰণিৰ অতীত কালত ধৰ্ম্ম-নীতি, সমাজতত্ত্ব, আৰু লোক- হিতৈষিতা প্ৰভৃতিত উচ্চতম সোপানত উঠি, আৰ্য্য হিন্দুসকলে জগতত আদি শিক্ষা-গুৰুৰ স্থান যেতিয়া অধিকাৰ কৰিলে, তেতিয়া ভাৰত-বুৰঞ্জী আৰু আৰ্য্য-ইতিহাসৰ এক আধ্যা পৰিল। ধৰ্ম্মবিহীনতা আৰু সামাজিক কুসংস্কাৰ আৰু কুপ্ৰথাৰ কলা অন্ধকাৰে আৰ্য্যাবৰ্ত্তবাসীক আকৌ এবাৰ ঢাকি ধৰিলে; কিন্তু তেতিয়াও ভাৰত-মাতৃ বীৰ পুত্ৰৰ অভাৱত নপৰিল। সেই মৃতপ্ৰায় হিন্দু- সমাজৰ পুনৰ্জ্জীৱনৰ নিমিত্তে, জাতীয় জীৱনৰ পুনৰ গঠনৰ অৰ্থে