কিন্তু যি সকল মানৱ-সন্তানে অসাধাৰণ বীৰত্বৰ বলেৰে আৰু
ঐশ্বৰিক প্ৰতিভাৰ সাহায্যেৰে শৰীৰৰ ৰক্তমাংস ক্ষয় কৰি, হৃদয়ৰ
পাৰ্থিব আকাঙক্ষা আৰু-সুখ-সম্পদৰ বাসনাত জলাঞ্জলি দি দেশৰ
আৰু সমাজৰ উন্নতি-বিধান কৰে, সিবিলাকেই বিভিন্ন ভাব, বিভিন্ন
প্ৰবৃত্তি আৰু বিভিন্ন অভিৰুচিৰ মানৱ-সমাজত চিৰকাল দেৱপুৰুষ
বুলি সমাদৃত হয়, আদৰ্শ মহাত্মাৰূপে পূজনীয় আৰু অনুকৰণীয়
হয়। এই শ্ৰেণীৰ দেৱপ্ৰতিম লোকৰ পূজা-অৰ্চ্চনা দেশ-কাল-
অভেদে সচৰাচৰ চলি থাকে, কাৰণ উন্নতি দুৰ্গম পথত আগ
বঢ়াবলৈ সিবিলাকেই মানুহৰ পৰম সহায়, প্ৰধান অৱলম্বন। এনে
সৰ্ব্বত্ৰ পূজনীয় মহাপুৰুষৰ যি দেশত আবিৰ্ভাব হয় সেই দেশ ধন্য,
যি জাতিৰ মাজত জন্ম সেই জাতি গৌৰৱান্বিত। ভাৰতবাসীৰ
গৌৰব এই বিষয়ত আন কোনো উন্নত জাতিতকৈ ন্যূন নহয়, বৰঞ্চ
অতীজৰ পৰা এতিয়ালৈকে ধাৰাবাহিকহিচাপে ধৰিলে কব লাগিব,
ভাগ্যবান পুত্ৰৰ আবিৰ্ভাবত ভাৰতবৰ্ষ সকলো সভ্যদেশতকৈ
ভাগ্যবান।
পুণ্যৱতী ভাৰতভূমি বীৰপুত্ৰপ্ৰসবিনী। “যেতিয়া প্ৰায় গোটেইখন পৃথিবী অজ্ঞান-আন্ধাৰৰ কলা ঢাকনীয়ে ঢাকি থৈছিল, যেতিয়া প্ৰায় সকলো মানুহে উলঙ্গবেশে পৰ্ব্বতৰ গাঁতত বাস কৰি হাবিৰ পহু, পানীৰ মাছ আৰু গছৰ ফলমূল খাই জীৱন ধাৰণ কৰিছিল,” তেতিয়াও এই পুণ্যভূমিত মহাযোগী বশিষ্ঠ আৰু বিশ্বামিত্ৰৰ, শুকদেৱ আৰু নাৰদৰ তপোবনসমুহে অতুলনীয় সৌন্দৰ্য্য বৰ্দ্ধন কৰিছিল। যেতিয়া পৃথিবীৰ অজ্ঞান-আন্ধাৰত ডুবি থকা মানুহে ৰাজ্য-