পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সাহিত্য-মুক্তাৱলী।


পাতিছোঁ। আপুনি যি কৈছে সেইটো সঁচা হব পাৰে; মোৰ মনতো তেনে ধাৰণা বহিছে। তথাপি যে মই শত্ৰুপক্ষৰ মাজত অযাচিতে সোমাই বিপদমুখীয়া হৈছোঁহি, তাৰ মূল উদ্দেশ্য হৈছে কৰ্ত্তব্য-পালন। এই পৃথিবীত প্ৰকৃত ধাৰ্ম্মিক হবলৈ হলে অধাৰ্ম্মিকক আগন্তুক আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাণ টাকি যত্ন কৰা উচিত। সিবিলাকে আপদত পৰা বন্ধুজনক উদ্ধাৰ কৰিবলৈ পাৰ্য্যমানে আগ নেবাঢ়ে, সিবিলাকক জ্ঞানীজনে নিঠুৰ নিকৰুণ বুলি নিন্দা কৰে! আৰু যিসকলে ৰণগ্ৰস্ত নৰলোকক মৃত্যুমুখৰ পৰা ৰক্ষা কৰি পৃথিবীক ৰক্ষা কৰিব পাৰে, সেইসকলৰ সমান পুণ্যবান লোক নাই; সিসকলৰ সবাতো ভাল ধৰ্ম্মলাভ হয়। তাৰ উপৰি, অকাৰ্য্য কৰি আপদত পৰিবলৈ আগ বঢ়া বান্ধৱক জ্ঞানীজনে চুলিত ধৰি টানি হলেও তাৰ পৰা ৰক্ষা কৰে। দুৰ্য্যোধনে যদি মোৰ সৰল হিতোপদেশত সন্দেহ মানি উপস্থিত অকাৰ্য্যৰ পৰা নিবৃত্ত নহয়, তাত মোৰ লেশমানো ক্ষতি নাই; বৰঞ্চ আত্মীয়জনক উদ্ধাৰ কৰিবলৈ যথাসাধ্য যত্ন কৰা বাবে মই অতুল আনন্দ উপভোগ কৰিবলৈ পাম। তদুপৰি, জ্ঞাতিভেদৰ আগন্তুকত দুৰ্ভগীয়া লোকক যি লোকে জানি-বুজিও সৎপৰামৰ্শ নিদিয়ে, তেনেলোকক কাচিতো আত্মীয় বুলি মানিব নোৱাৰি। এতেকে, মোৰ সৎপৰামৰ্শ দুৰ্য্যোধনাদি কৌৰৱে গ্ৰহণ নকৰিলেও মোৰ বেজাৰ-অসন্তোষ নাই, মই নিজ কৰ্ত্তব্য পালনৰ সুখ অনুভৱ কৰি উলটি যামগৈ।

 শ্ৰীকৃষ্ণৰ উক্তি কাটিবলৈ ভক্ত বিদুৰৰ যুক্তিৰ নাটনি পৰিল; তেওঁ অগত্যা মৌনেন সম্মতি লক্ষণৰ ভাব ধাৰণ কৰিলে। তথাপি