পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
হস্তিনাপুৰত শ্ৰীকৃষ্ণ।


কিয়নো, ৰাজকীয় নীতি অনুসৰি কটকীয়ে নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰিলে হে ভোজনাদি আতিথ্য গ্ৰহণ কৰে। এতেকে, মোৰ যেতিয়া উদ্দেশ্য সিদ্ধি হব তেতিয়া হে মই আপোনাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিম।”

 কৃষ্ণৰ উত্তৰত সন্তুষ্ট নহৈ দুৰ্য্যোধনে পুনৰপি আক্ষেপ-সহকাৰে এইবুলি কবলৈ ধৰিলে,—“হে বৃষ্ণি-কোৱঁৰ! আপোনাৰ এই সিদ্ধান্ত যুক্তিযুক্ত হোৱা নাই। আপোনাৰ লগত আমাৰ কোনো শত্ৰুতা নাই; আপুনি আমাৰ বন্ধু, আত্বীয় আৰু কুটুম্ব। এতেকে আপোনাৰ উদ্দেশ্য সিদ্ধি হওক বা নহওক, আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰা একান্ত বাঞ্ছনীয়, আৰু নিতান্ত উচিত।”

 দুৰ্য্যোধনৰ ওপৰা-উপৰি অনুৰোধত শ্ৰীকৃষ্ণদেৱে অগত্যা আকৌ এইবুলি যুক্তিসঙ্গত সমিধান দিলে,—“হে কৌৰৱ! আপুনি বিশ্বাস কৰিব মই ক্ৰোধপৰবশ হৈ, কিম্বা ঘিণ কৰি নাইবা কোনো স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে ধৰ্ম্মৰপৰা কাচিতো নিপিছলোঁ। আপুনি জনা উচিত যে, লোকে হয় প্ৰীতিপৰবশ হৈ, নহয় আপদত পৰি অন্যৰ অন্নগ্ৰহণ কৰে। আপুনি এতিয়া মোক সেই প্ৰীতিৰে সৈতে ভোজন কৰাবলৈ বিচৰা নাই, আৰু ময়ো আপদত পৰা নাই। তেন্তে নো মই আপোনাৰ অন্নগ্ৰহণ কৰিবলৈ কি বুলি বাধ্য? আপুনি অবাবত সোদৰ-সদৃশ পাণ্ডৱগণক হিংসা কৰে; সেইটো নিতান্ত অনুচিত। পাণ্ডৱগণ ধৰ্ম্মপৰায়ণ, সততে ধৰ্ম্মপথাবলম্বী, এতেকে কাৰ সাধ্য সিবিলাকৰ অহিত সাধন কৰে? যি পাণ্ডৱক হিংসা কৰে, সি মোৰ প্ৰতিও হিংসুক; আৰু যি পাণ্ডৱৰ অনুগত, সি