পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হস্তিনাপুৰত শ্ৰীকৃষ্ণ।

 মহাপ্ৰতাপী যুৱৰাজ বা উঠিৰজা দুৰ্য্যোধন ৰত্নসিংহাসনত উপবিষ্ট হৈ তেওঁৰ ভিতৰ-বিশ্বাসী ভাইবন্ধু দুঃশাসন, কৰ্ণ আৰু শকুনি প্ৰমুখ্যে ভালেমান ভূপাল আৰু কৌৰবগণৰে সৈতে মন্ত্ৰণাত মগ্ন আছিল। শ্ৰীকৃষ্ণ গৈ উপস্থিত হোৱামাত্ৰকে সকলোটিয়ে আসনৰ পৰা উঠি আগ বাঢ়ি গৈ তেওঁক যথাৰীতি সম্মান জনালে। শ্ৰীকৃষ্ণদেৱে আসন গ্ৰহণ কৰি শিষ্টতাৰে সৈতে অলপ পৰ কথাবাৰ্ত্তা পতাৰ পাচত দুৰ্য্যোধনে তেওঁক ভোজনলৈ নিমন্ত্ৰণ জনালে। বাসুদেৱে সেই বাবে তেওঁৰ শলাগ ল'লে, কিন্তু কাৰণবশতঃ নিমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰি আক্ষেপ প্ৰকাশ কৰিলে। দুৰ্য্যোধনে সেই কথাত আচৰিত হৈ এই বুলি বাসুদেৱক প্ৰশ্ন কৰিলে,—“হে জনাৰ্দ্দন! ই কি কথা? আপোনাৰ শুশ্ৰষাৰ অৰ্থে সযত্নে যুগুত কৰা আহাৰ-পানী, সাজ-সমল, শয্যা-পাটী আপুনি গ্ৰহণ নকৰাৰ কাৰণ কি? আপুনি দুয়োপক্ষৰে হিতাকাঙক্ষী। আগন্তুক মহাৰণত আপুনি উভয়ৰে উপদেষ্টা। এতেকে, আপুনি উভয়কে সমান চকুৰে চোৱা উচিত।”

দুৰ্য্যোধনৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণদেৱে এইবুলি সমিচাৰ দিলে,—“হে কৌৰৱ-কোৱঁৰ! আপুনি বিষম নাপাব। মই দেশাচাৰ আচৰিবলৈ বাধ্য হৈ হে আপোনাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব পৰা নাই।