পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সাহিত্য-মুক্তাৱলী।


বৰ পুতৌ কৰিছিল। ল'ৰা-ছোৱালীক বৰকৈ মৰম-চেনেহ কৰিছিল। কেতিয়াবা বাটে-পথেও ল'ৰা-ছোৱালীৰ লগ পালে খন্তেক ৰৈ সিহঁতৰে ধেমালি কৰিবলৈ বৰ ভাল পাইছিল। তেওঁৰ জীৱনত কেতিয়াও কাকো মৰা নাছিল; কাকো কোনো কথাত কেতিয়াও এষাৰ কেটেৰাই মতা নাছিল।

 ৰোগী দেখিলে মহম্মদে নিজে শুশ্ৰুষা কৰিছিল। মৰা শৱ সৎকাৰ কৰিবলৈ নিজে কান্ধত বৈ লৈ গৈছিল। তেওঁ শোকাৰ্ত্তক সান্ত্বনা, দৰিদ্ৰক উৎসাহ আৰু নিৰাশ্ৰয়ক আশ্ৰয় দিছিল। তেওঁ সদায় প্ৰিয়বাদী আছিল।

 ধৰ্ম্মৰ তত্ত্ব জানিবলৈ বহুতো মানুহ তেওঁৰ ওচৰলৈ আহিলে অতি সাদৰে থাকিবলৈ দিছিল। সুখী-দুখী, ধনী-মানী সকলোৱে তেওঁৰ পৰা সমানে আদৰ পাইছিল।

 মহম্মদে কেতিয়াও খৰকৈ কথা নকৈছিল। কিন্তু খোজকঢ়াত তেওঁক বলে পৰা টান আছিল। তেওঁ মিঠাই আৰু মৌ খাবলৈ বৰ ভাল পাইছিল। বৰষুণৰ পানী ধৰি ৰাখি তাকে খাইছিল। নহৰু আৰু পিয়াজ তেওঁ কেতিয়াও খোৱা নাছিল। তেওঁ কথা পাতোঁতে সময়ত বৰকৈ হাঁহিছিল।

 যুদ্ধলৈ যাওঁতে তেওঁ যুদ্ধৰ সাজ পিন্ধিছিল। তেওঁ ৩৩ বাৰ যুদ্ধযাত্ৰা কৰিবলগীয়া হৈছিল। তথাপি এদিনলৈকো তেওঁ হতাশ হোৱা নাছিল, বা যাবলৈ হেলা কৰা নাছিল। কেতিয়াবা কোনো কথা মনত পেলাবলৈ তেওঁ কেঞা আঙ্গুলিত এটা গাঁথি দি থৈছিল। তেওঁ বৰ দানী আছিল। মৰিবৰ আগতে নিজৰ