পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
মহাৰাজ ৰাজেশ্বৰ সিংহ।


দিনীয়া। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ কোনো কথাতে অতিচাৰ নাছিল। ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্ব্বৰ্গ-গুণসম্পন্ন স্বৰ্গদেৱে সুস্থিৰ সুগম্ভীৰ চিত্তেৰে ৰাজ্যশাসন কৰিব পাৰিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱক আমি যদি আহোম-আকবৰ বোলোঁ, ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱক আমি আহোম চাজাহান বুলিব পাৰোঁ।

শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।

টীকা।

 গড়প্ৰাঞ্চি—গড়+প্ৰাচীৰ।

 কোঠ-বুৰুজ—গোটা বাঁহ কাঠেৰ বেৰা দিয়া কোঠ বা গড়।

 বঙ্গাল—বিদেশী মানুহ।

 কৌশল—( কুশল = নিপুণ+ষ্ণ ) নিপুণতা।

 পৰাস্ত — (পৰা অস্‌ = খেদোৱা+ক্ত) পৰাজিত।

 সমৃদ্ধি ( সম্—ঋধ = বাঢ় + ক্তি) ঐশ্বৰ্য্য।

 দুৰ্ধৰ্ষ — ( দুৰ্‌ = কঠিন, ধৃষ = বল কৰ+ঘঞ্‌ ) যাক পৰাজয় কৰা কঠিন; পৰাক্ৰমী।

 চোৱাৰী—( ফাৰ্চী ) অশ্বাৰোহী।

প্ৰশ্ন।

 ১। বাক্য ৰচনা কৰাঁ:—পোটক, ৰণ-জেউতি, ক্ষতিক্ষণ, আলেখ-লেখ, সঁফুৰা, উদ্বিগ্ন।

 ২। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত অসমৰ অৱস্থা কেনে আছিল, বৰ্ণনা কৰাঁ।