পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সাহিত্য-মুক্তাবলী।


এনেতে তাৰ মনত পৰিল, তাৰ সন্তান দুটিৰ কথা, মৰমত পমি যোৱা হৰিণীৰ কথা, আৰু নন্দনৰ কুঞ্জৰ সদৃশ তাৰ থকা ঘৰটোৰ কথা। যি যদি ঘৰৰ ফালে যায়, তেন্তে সেই ৰাক্ষস কেইটাই ছলি-পলি সমম্বিতে ঘৰখনকে টনাস্তি নকৰিব নে? সি ফিৰিল। বিদ্যুৎ সঞ্চাৰে ঘৰৰ পৰা ওভোল ফালে লৰ মাৰিলে। তেতিয়া দেখিলে গুলি তাৰ গাতেই লাগিছে; তাৰ গলধনৰ পৰা চৌ-চৌকৈ তেজ ওলাইছে; সি ভয়, আশা, নিৰাশা, বেজাৰত উধাতু খাই আৰু লৰ দিলে।

 লৰি গৈ বিলৰ পাৰৰ ভেৰৰ ওচৰত বাগৰি পৰিল; শক্তিয়ে আৰু নুকুলায়। ভাবিলে কিজানি ৰক্ষসহঁতে ইমানখিনি খেদি আহি নাপাব; আৰু প্ৰাণ যায় যদিও কিজানি ভেৰৰ সেই গাভৰুজনী,—তাই আহি অন্তিম সময়ত তাক অলপ পতি কৰিব পাৰেই।

 কিন্তু হতভাগ্য হৰিণ! তাৰ তেজে যে সি পলাই অহা বাটৰ চিন্‌ কৰি থৈ আহিছে, তাৰ তো সেই ভাব নহল। হাতীয়ে মানুহে খেদি আহি তাক তাতেই লগ পালে। অলপ দূৰৰ পৰা গুলি কৰিবলৈ ধৰিছে যেন অনুমান কৰি, হৰিণে প্ৰাণ টাকি আৰু এটা লৰ মাৰিলে। কিন্তু সেই দেহাই যে আৰু নসয়। তিনি-চাৰি নল গৈ সি ঢেৰমেৰ দি বাগৰি পৰিল। মানুহবিলাকেও সেইখিনি পালে; হাতীৰ পৰা জাঁপ মাৰি তিনি-চাৰিজন মানুহ নামিল; এজনে তাৰ মূৰতে দাৰে কোব মাৰি দিলে; প্ৰাণৰ কাতৰত, মনৰ দুখত হৰিণে চিঞৰ মাৰি দিলে। মুহূৰ্ততে মৰণৰ যন্ত্ৰণাত তাৰ