তাই গিৰীয়েকক কটু-কাটব্য কৰিছে। সেই দেখি তায়ো কিছু পৰ
উচ-পিচ কৰি থাকি, সন্তান দুটিক কলে, “তহঁত বাৰু ইয়াতেই
থাক; দুষ্টালি কৰি আন ফালে নেযাবি। হাতী দুটাৰে আজি
মানুহ হাবিত সোমাইছে; সিটোৰ বা কি হয়!” এইবুলি কৈয়েই
হৰিণীৰ অন্তৰ কঁপি উঠিল! তাইৰ মুখৰ পৰা দেখোন হঠাৎ
অমঙ্গলীয়া কথাটো ওলাই পৰিল। যি ঈশ্বৰ স্বৰ্গ আৰু পৃথিবী,
মানুহ আৰু পশু, সকলোৰে সমানে বুজ লওঁতা, তেওঁ নো তাহাঁতৰ
এই নিৰ্জু নিৰীহ পৰিয়ালটোলৈ পাহৰিব নে?
তাই গিৰীয়েকক বিচাৰি কোন ফালে যাব তাকে চাবৰ মনেৰে দীঘল কোমল চকু দুটিৰে ডিঙিটো মেলি চঞ্চল চকু দুটা ইফালে সিফালে ঘূৰাবলৈ ধৰিলে।
হৰিণে দেখিলে যে হৰিণী এ ইফালে-সিফালে চাইছে; কিজানি তাকেই বিচাৰি আহিব। বিচাৰি বাৰু অলপ দিগ পাওক, এই বুলি সি টলকা মাৰি যতে আছিল তাতে শুই থাকিল। তাৰ কাণ থাকিল, হৰিণীৰ অহা শব্দ নো কেতিয়া পায়।
(ঘ)
এনেতে গুৰুম্ গুৰুম্ কৰি দুটাও শব্দ হল। চক খাই হৰিণে চাই দেখে তাৰ দুই ফালে দুটা হাতী; ওপৰত ৪।৫ টাকৈ মানুহ। তাৰে দুটা মানুহক যেন দেৱে ধৰিছে, তাহাতৰ গাত থৰকাছুটি নাই, চকু ৰঙা আৰু উজ্জ্বল; হাত দুখনত বন্দুক লৈ কঁপিছে।
কাৰ বন্দুক, কাৰ গাত লাগিল সি কবই নোৱাৰি “হৰিণী ঔ” বুলি চিঞৰ মাৰি ঘৰৰ ফালে এটা কি দুটা লাফ্ মাৰিলে।