পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য-মুক্তাৱলী


কেইদিনমানৰপৰা সোঁ চকুটোও খৰ খৰ কৰি লৰি আছে। আন এদিন যাম বাৰু; আজিলৈ থাওক।”

 হৰিণে উত্তৰ দিলে,—“তোমাৰ কথাবোৰ সদায় এনেকুৱাই। মই যি দিনাই কিবা এটা কৰিব খুজিম, তুমি কিবা নে কিবা এটা উলিয়াবাই। আজি নো কি হল বাৰু, আজিয়েই যাওঁহঁকচোন বলাঁ।”

 হৰিণীএ কলে,—“মোৰ কথাত নো এতিয়া সোৱাদ লাগিব কেনেকৈ? কোমল ঘাঁহ খাবলৈ যাব লাগে নে, সেই দলনিৰ ওচৰৰ ভেৰটোলৈ যাব লাগে, তাকে কওক। মই দেখিছোঁ, তাত থকা সৌ চেঙেৰী হৰিণীজনীৰে বিলৰ কাণত ফুচ্‌ফুচাই কথা পাতি থকা।”

 কথাটো হলে সঁচা হয়। বিলৰ পাৰৰ ইকৰাৰ ভেৰত আচলকৈ ধুনীয়া গাভৰু জনী থাকে; আৰু সুন্দৰ দেখিলে জীয়াত চকুৱে কেতিয়াবা নোচোৱা কৰি থাকিব পাৰে জানো? হৰিণে চায়। কিন্তু চায় হে; ছলিয়ে আকাশৰ জোন নাচায় জানো? ফুলে ফুলৰ ফালে চাই নাথাকে নে? আকাশে জানো শৰৎ কালৰ তন্বী নদীলৈ চাই থাকি মোহ নাযায়! সেই চোৱা।

 কিন্তু প্ৰগাঢ় প্ৰণয়-পদুম ফুলটিৰ কাঁইটো আছে; সি ঈৰ্ষা।

 হৰিণৰ মনত বৰ অভিমান হল। সি কাহানিৰ কথা, প্ৰায় মনত নপৰে। তাৰ মাক-বাপেকৰ কি হ’ল তাক সি নাজানে; আৰু তায়ো নাজানে তাইৰ মাক-বাপেকৰ কি হ’ল। অহু-কাণে, পহু-কাণে শুনিছিল মুঠেই, যে ওচৰৰে কোনোবা বৰ ডাঙৰীয়াৰ ঘৰত সকাম হৈছিল, কোন কাহানিবাই; আৰু বহুত মানুহে জাল,