পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সামান্য প্ৰাণী।

(ক)

পৰ্ব্বতৰ নখত তাহাঁতৰ উমি উমি চিকুণ ঘৰটি। পাছৰ ফালে ওখ আকাশ-লঙ্ঘী শিলৰ স্তূপ—মেঘেৰে সৈতে কোলা-কুলি কৰি আছে। সমুখত সেউজীয়া গছ আৰু বন; যিমানলৈ চকু যায় তিমানলৈ এই স্নিগ্ধ ৰসাল সৌন্দৰ্য্য। তাহাঁতৰ অকণমানি ঘৰটোৰ দাঁতিয়ে দি এটি নিজৰা নাচি-বাগি যে কৰ পৰা আহি কলৈ গৈছে কোনোৱে কব নোৱাৰে; কেৱল তাইৰ চিৰন্তন নাচন-বাগন, কুল কুল কৰা হাঁহিৰ, নে হাঁহিতে কন্দা কান্দনৰ, সঙ্গীততকৈও সুমধুৰ ধ্বনি,—এয়ে এটা ধুনীয়া ছবি আঁকি তাহাঁতক চিৰকাল এক অবৰ্ণনীয় আনন্দত ডুবাই ৰাখি আহিছে।

 ঘৰত মতা-মাইকী এহাল আৰু শিশু সন্তান দুটি। খাৱন- দাৱন শেষ কৰি দুপৰীয় দুয়ো নিজৰাৰ পাৰত জিৰায়; সন্তান দুটিএ দৌৰা-দৌৰি কৰি, ইফালে জাঁপ মাৰি, সিফালে বাগৰি পৰি ৰং-ধেমালি কৰে, আৰু অকলশৰীয়া নিজৰায়ো এই কেইটা উদাৰ জীৱ লগ পাই বেছি ৰঙেৰে নাচি নাচি পৰ্ব্বতৰ পৰা নামি আহে; আৰু বেছি মধুৰ সুৰেৰে কুল কুল কৰি গীত গায়।

 এনে নিৰ্ম্মল নিবাৰিল তাহাঁতৰ জীৱন-যাত্ৰা। কতো অলপো আজাহ নাই; খোৱা-লোৱাৰ একো চিন্তা নাই; শৰৎ কালৰ