বস্তু। ইয়াক খানোতে অজস্ৰ ধন ভাগিছে আৰু অসংখ্য মানুহৰ
বহুকালব্যাপী খাটনি লাগিছে। মানুহৰ অধ্যৱসায়ৰ ই এক
যুগমীয়া নিদৰ্শন হৈ জিলিকি আছে। চুৱেজ উপসাগৰৰ পৰা ভূমধ্য
সাগৰলৈকে এশ মাইল শান-বালি খানি, জাহাজ চলিব পৰাকৈ এই
বিশাল খাল নিৰ্ম্মাণ কৰিছে। আগেয়ে য়ুৰোপৰ পৰা এচিয়ালৈ
আফ্ৰিকা দক্ষিণে দি ঘূৰি হে আহিব পৰা আছিল। চুৱেজ খালে
যাতায়াতৰ বাট তেনেই চমু আৰু সুগম কৰি পেলালে। মৰুভূমিৰ
মাজ গুণে, এই ছোৱা বাটতো বৰ জহ লাগে।
অতি অতীজ কালতে, নাইল নদীৰ মুখৰ পৰা লোহিত সাগৰলৈকে খাল এটা থকাৰ চিন এতিয়াও হেনো পোৱা যায়। খৃষ্ট জন্মৰ প্ৰায় ৪০০ বছৰৰ আগেয়েই, ইজিপ্টৰ সেই কালৰ শাসনকৰ্ত্তা পাৰস্যসকলে সেই খালকে, বালি খানি অঁতাই-পিতাই, ন-কৈ উলিয়াই লৈছিল। তাৰ পিচত ইজিপ্ট মুছলমানৰ হাতত থাকোঁতেও, খালটো আকৌ খানি কুৰুকি উলিওৱা হৈছিল। কিন্তু ঊনবিংশ শতাব্দীৰ মাজ ভাগলৈ তাৰ চিন-চাবো নোহোৱা হ'ল।
শেহত, যোৱা শতাব্দীৰ শেহ ভাগলৈ ফ্ৰান্স আৰু ইজিপ্ট দেশে লগ লাগি, কোম্পানী কৰি আৰু সমানে ধন ভৰি বৰ্ত্তমান থকা চুৱেজ খাল খনালে। ইয়াক খানোতে দহ বছৰৰ ওপৰ লাগিছিল আৰু ২৯,৭২৫,০০০ পাউণ্ড ভগন হৈছিল। আমাৰ টকাৰ হিচাপেৰে লিখিবলৈ হলে, এই সংখ্যা তেৰ গুণতকৈও বাঢ়ি পৰিব। ১৮৬৯ চনৰ ১৭ নবেম্বৰ তাৰিখে, যাতায়াতৰ কাৰণে যথাবিধি খাল খুলি দিয়া হ'ল।