পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সুখ।

 আমি সৰল ভাৱে জীৱন যাপন কৰিবলৈ ভয় কৰোঁ, ভাবোঁ সৰল ভাৱে জীৱন যাপন কৰিলে আমাৰ মান-সম্ভ্ৰম নষ্ট হব। বন্ধু-বান্ধৱ সকলে ঠাট্টা কৰিব বুলি সততে আমি ব্যস্ত থাকোঁ, কিন্তু সৰল ভাৱে জীৱন যাপন কৰিলে হে আমি সুখী হব পাৰিম। অহঙ্কাৰশূন্যতা আৰু আড়ম্বৰহীনতাই আমাক সুখী কৰে, বিলাসিতাই আমাক সুখ দিব নোৱাৰে; তাৰে নানা ৰকমৰ কৃত্ৰিম অভাৱৰ সৃষ্টি কৰি আমি নিজক অসুখী কৰোঁ। ধৈৰ্য্যশীল আৰু সংযমী মানুহ সংসাৰত সুখী হব পাৰে। যদি আমি বিবেচনা কবি কাম কৰোঁ, যদি আমি কাৰো অন্যায় নকৰোঁ, যদি আমি নিজৰ কৰ্ত্তব্য কাম কৰিবলৈ হেলা নকৰোঁ, তেনেহলে আমি সংসাৰত সুখী হব পাৰিম।

শ্ৰীহেমপ্ৰভা দাস।

প্ৰশ্ন।

 ১। অৰ্থ লিখাঁ — ত্যাগ, আপোন-পেটীয়া, কৃত্ৰিম, বিবেচনা, আড়ম্বৰ।

 ২। সুখ কি, আৰু কেনেকৈ চলিলে তাক পোৱা যায়।

 ৩। ব্যাখ্যা কৰা—কাল্পনিক কষ্টই•••••• বঢ়াব নোৱাৰে।