পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সাহিত্য-মুক্তাবলী।


তুলিবলৈ সুবিধা পাওঁ। যিজনে পৰৰ কাৰণে খাটে, পৰৰ কাৰণে ভাবিব পাৰে, তেওঁ নিজৰ সুখ আৰ্জ্জে, কাৰণ তেওঁ কৰিবলগীয়া কাম কৰে। কামে হে মানুহক আচল সুখ দিয়ে। কৰ্ত্তব্য কৰিলে হে মানুহে আচল সুখ পায়। দুখীয়াৰ শৰীৰ সবল হয়। তেওঁবিলাকৰ শৰীৰ আটিল আৰু মন দৃঢ় হয়। কামত ব্যস্ত থাকে দেখি তেওঁবিলাকৰ মন প্ৰফুল্ল। কাল্পনিক কষ্টই তেওঁবিলাকৰ অশান্তি বঢ়াব নোৱাৰে। সেই কাৰণে নিজক দুখীয়া ভাবি, নিজৰ অৱস্থাত অসন্তুষ্ট হৈ আমাৰ মন অশান্তিময় কৰি তোলা আমাৰ মহাভ্ৰম।

 যদি আমি সুখী মানুহ বিচাৰি যাওঁ, ধনীতকৈ দুখীয়াৰ ভিতৰত হে সুখীৰ সংখ্যা বেছি পাম। সহজে পোৱা বস্তুৱে মানুহক সিমান সুখ দিব নোৱাৰে। ভোগ কৰি কৰি ধনীক ভোগে আমুৱায়, ভোগে আৰু তেওঁবিলাকক তৃপ্তি দিব নোৱাৰে। তেওঁ- বিলাকৰ কাম নাই, সেই কাৰণে বহি বহি আমুৱায়। তেওঁবিলাকে ভোক কি বস্তু বুজি নাপায়, সেই কাৰণে নানা সুখাদ্যয়ো তেওঁ বিলাকক তৃপ্তি দিব নোৱাৰে। তেওঁবিলাক দুখত পৰা নাই, সেই কাৰণে তেওঁবিলাকে পৰৰ দুখ বুজিব নোৱাৰে। যিজনে পৰৰ কাৰণে একোকে নকৰে, যিজনে পৰৰ কাৰণে ভাবিব নোৱাৰে, তেওঁ নিজৰ কাৰণেও একোকে নকৰে বুলি ভাবিব লাগে। কাৰণ কামে হে মানুহক আচল সুখ দিয়ে, কৰ্ত্তব্য কৰিলে হে মানুহে আচল সুখ পায়। মানুহে কামত হে আত্ম-তৃপ্তি আৰু ত্যাগত হে সুখ পাব পাৰে। সংসাৰত আপোন-পেটীয়া মানুহ সুখা হব নোৱাৰে।