পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সুখ

পৰা আঁতৰলৈ গৈছে। কাৰণ প্ৰকৃত সুখ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। য’ত সত্য, তাতে সুখ, অসত্যই আমাক সুখ দিব নোৱাৰে। ত্যাগে হে আমাক আচল সুখ দিয়ে, ভোগে আচল সুখ দিব নোৱাৰে। ঘৰ আমাৰ ইমান সুখৰ কিয়? কাৰণ ঘৰত ত্যাগ আছে, ঘৰৰ সকলোৱে ইজনৰ কাৰণে সিজনে ত্যাগ কৰে, সেই কাৰণে ঘৰ আমাৰ ইমান সুখৰ। আমাৰ অন্তৰ যিমানেই দুখপূৰ্ণ নাথাকক, ঘৰ পালেই আমি সকলো পাহৰি যাওঁ। ঘৰ ভগা হওক, কিন্তু আমাৰ মানত সেয়ে স্বৰ্গ; ঘৰৰ লোণ-ভাত আমাৰ মানত অমৃত; কাৰণ যিটোৱে মানুহক আচল সুখ দিব পাৰে, ঘৰত সেয়ে আছে। গৃহস্থ-ঘৈণী, লৰা-ছোৱালী সকলোৱে ইজনে সিজনৰ কাৰণে আত্মত্যাগ কৰে, সেই কাৰণে ঘৰ ইমান সুখৰ। স্বাৰ্থ- পৰতাই মানুহক টকা দিব পাৰে, কিন্তু স্বাৰ্থপৰতাই মনৰ শান্তি দিব নোৱাৰে। আপোন-পেটীয়া মানুহে সুখ বুলি সুখ বিচাৰি ফুৰিলেও সুখ নাপায়।

 আমি দুখীয়া হলে নিজৰ অৱস্থাক ঘিণ কৰোঁ আৰু নিজক দুখীয়া ভাবি অসুখী হওঁ। কিন্তু দুখ যে বহুত সময়ত ঈশ্বৰে আশীৰ্ববাদ-স্বৰূপে পঠায় সেইটো আমি নুবুজোঁ। যদি সেইটো বুজিলোঁহেঁতেন তেনেহলে আমাৰ জীৱনৰ আধা দুখ, আধা অশান্তি একেবাৰে কমি গলহেঁতেন। দুখত পৰিলে আমি ধৈৰ্য্য শিকোঁ, দুখৰ লগত যুদ্ধ কৰি কৰি মানসিক বল পাওঁ। নিজে দুখীয়া, সেই কাৰণে দুখীয়াৰ দুখ বুজোঁ। দুখীয়াৰ দুখ বুজোঁ দেখি দুখীয়াক বিপদত সাহায্য কৰোঁ, আৰু এইদৰে নিজৰ সৎগুণখিনি ফুটাই