সুখ।
সকলো দেশতে সকলো মানুহে যুগে যুগে খালী সুখকে বিচাৰিছে। আমি সকলো সুখৰ কাৰণে মহা ব্যস্ত। আমি সকলো সময়তে সুখকে হে বিচাৰোঁ। আজি থিয়েটাৰ, টিকিট কিনিবৰ পইচা মোৰ হাতত নাই, তথাপি পৰৰ পৰা ধাৰকৈ থিয়েটাৰ চাবলৈ লৰ ধৰিম। কাইলৈ বায়স্কোপ,—আমি হেঁচা-ঠেলাকৈ বহি গৰমত সিজি বায়স্কোপ চামেই। পৰহিলৈ ছাৰ্কাছ; দূষিত বায়ু খাই ইনফ্লুয়েঞ্জা আদি সংক্ৰামক ৰোগৰ সম্ভাৱনা বৰণ কৰিও ছাৰ্কাছ চাম। আজি-কালিৰ সভ্যদেশৰ এইবিলাক আয়োজন আমাৰ সুখৰ কাৰণেই। যিমান দিন মনৰ বল থাকে, সেই কেইদিন হে আমাৰ সুখৰ দিন। যিমান দিন শৰীৰত শক্তি আছে, চকুত জ্যোতি থাকে, সেইকেইদিন হে আমাৰ ভোগৰ দিন, সেই কাৰণে সময় আৰু সুবিধা থাকোঁতেই সুখ-ভোগ কৰাত আমি মহা ব্যস্ত।
কিন্তু যিমানেই আমাৰ ভোগৰ আয়োজন বাঢ়িছে, সুখৰ আয়োজন বেছি হৈছে, সিমানেই আমাৰ অশান্তিও বাঢ়িছে। মনত অশান্তি, শৰীৰত অশান্তি, বাহিৰত অশান্তি, ঘৰত অশান্তি, পৰত অশান্তি, ভিতৰত অশান্তি—চাৰিওফালে অশান্তিময়। যিমানেই সুখভোগৰ ইচ্ছা বেচি হৈছে, সিমানেই সুখ আমাৰ ওচৰৰ