পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুঁজীৰ কলঙ্ক।৪৭


বিলাকৰ ভিতৰত ভীমসিংহৰ ৰাজ্যত্যাগ। তলৰ দুটাতকৈও ওপৰটো বৈচিত্ৰ্যময়। তলৰ দুটাত শক্তিশালী পুৰুষবিলাকৰ ষড়যন্ত্ৰ, কুটিলতা আদি দেখিবলৈ পোৱা যায়। ওপৰৰটো কেৱল এজনী পৃথিবীৰ ভিতৰতেই ঘিণ-লগা, সম্ভ্ৰম-নোহোৱা বান্দীৰ পৰা হে হোৱা বুলি সাধাৰণৰ বিশ্বাস। বৈচিত্ৰ্য এইখিনি।

 যি এটা ঘটনা পৃথিবীৰ ভিতৰতেই আচৰিত সি এজনী বান্দীৰ পৰা হোৱাটো সম্ভৱ হব পাৰে নে? বান্দী যিমানেই ক্ষমতাশালিনী নহওক, তথাপি তাই বান্দায়েই হে। এতেকে চাওঁচোন ইয়াৰ ভিতৰত নো কি আছে।

 ৰামায়ণত ৰাম-বনবাস এইদৰে বৰ্ণাইছে :—
 এদিন মন্থৰা নিজ ইচ্ছামতে পকী ঘৰৰ ওপৰত উঠি চাৰিওপিনে চাওঁতে চাওঁতে দেখিলে, অযোধ্যাৰ বাটবিলাক পানীৰে ধুইছে। চাৰিওফালে পদুম ফুলবোৰ ছটিয়াই দিয়া হৈছে! বহুমূলীয়া সুন্দৰ ধ্বজ আৰু পতাকাৰে নগৰ শুৱনি হৈছে; আৰু শুৱনি শুৱনি মানুহেৰে নগৰ পৰিপূৰ্ণ হৈছে। বামুণবিলাকে হাতত ফুলৰমালা লৈ বেদ উচ্চাৰণ কৰিছে। দেৱালয়বিলাকত বাদ্য বাজিছে। নগৰবাসী মানুহ দূৰৈত থাকোক, হাতী-ঘোৰাবিলাকে আনন্দিত হৈছে। মন্থৰা দেখি শুনি বিস্মিত হল। এদিনৰ ভিতৰতে নগৰত এনেকুৱা ধুমধামখনৰ একো কাৰণ থিৰ কৰিব নোৱাৰি ৰামৰ ধাত্ৰীক সুধিলে,—“অ, বোলো শুনিছা নে? আজি নো ৰামৰ মাকে বৰ হৰিষেৰে মানুহক কিয় ধন বিলাইছে? ৰজাই আজি সন্তুষ্ট চিতেৰে কিবা ডাঙ্গৰ কাম কৰাব নে কি? আৰু এই মানুহখনৰ