নৃত্য কৰি উঠিছিল; ব্ৰাহ্মণ পৰিষদৰ চাতুৰ্য্য-জালত শঠ-শিৰোমণি
বখ্তিয়াৰ খিলিজিয়ে নিৰ্ব্বিৰোধে বঙ্গদেশ জয় কৰিবলৈ সক্ষম
হৈছিল; কুলাঙ্গাৰ বদন বৰফুকনে কালসৰ্প স্বৰূপ মানক মাতি আনি
অসম দেশ খাস্তাং কৰিলে আৰু চিৰকালৰ নিমিত্তে অসমৰ স্বাধীনতা
ৰত্নও হেৰুৱালে। জাতীয় প্ৰেমৰ অভাবতেই ভাৰতৰ জাতীয়
উন্নতি আকাশ ঘনঘটাচ্ছন্ন;⸺ভাৰতৰ গৌৰৱ সূৰ্য্য অস্ত গল।
পুৰণি আৰ্য্য হিন্দুবিলাকৰো জাতীয় প্ৰেম নাছিল আমি তেনেকৈ কোৱা নাই। তেও যে আজি ভালেদিন হল হিন্দুবিলাকে জাতীয়প্ৰেম হেৰুৱাইছে, তাত সংশয় ৰাখিব নোৱাৰি। বোধ কৰোঁ, জেতিয়া জাতিভেদ ঘটিল, যেতিয়া ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য,শূদ্ৰ চাৰিওজাতি নিজ নিজ স্বাৰ্থত অন্ধীভূত হৈ পৰিল, তেতিয়াই হিন্দুৰ জাতীয় প্ৰেম বোলা, মানসিক উন্নতি বোলা, একতা বোলা, সকলো লোপ পালে। ব্ৰাহ্মণ সৰ্ব্বেসৰ্ব্বা হল, সকলো ক্ষমতা ব্ৰাহ্মণৰ অকলশৰীয়া হল; ক্ষত্ৰিয়ই ৰাজকীয় শক্তি পালে, বিদেশীয় শত্ৰুৰ পৰা ৰাজ্য ৰক্ষা, দুষ্টৰ দমন আৰু শিষ্টৰ পালন ক্ষত্ৰিয়ৰ কৰ্ত্তব্য বৈশ্যৰ ভাগত পৰিল বেহা কৃষি আদি ব্যৱসায়, আৰু শূদ্ৰই পালে ওপৰত লিখা তিনি জাতিৰ পদসেৱা। নিজ নিজ স্বাৰ্থ লৈ ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ মাজত ভালেমান কন্দল হৈ গল; শেহত ব্ৰাহ্মণৰ অত্যাচাৰ সহিব নোৱাৰি ক্ষত্ৰিয় ৰাজকোৱঁৰ মহাত্মা বুদ্ধদেবে জগতত সাম্যভাব ঘোষণা কৰিলে; তাতে আকৌ ধৰ্ম্মভেদো ঘটিল। ধৰ্ম্মভেদ আৰু জাতিভেদৰ সোঁতত পৰি হিন্দুজাতিয়ে চিৰকালৰ নিমিত্তে জাতীয় প্ৰেমৰ গভীৰ অৰ্থ পাহৰি গল।