পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাতীয় প্ৰেম।

 জাতীয় প্ৰেম জাতীয় উন্নতিৰ মূল ভিত্তি। অমুক জাতি উন্নত হৈছে বুলিলে বুজিব লাগিব, সিবিলাকৰ জাতীয় প্ৰেম আছে, সিবিলাকে স্বজাতিৰ অৰ্থে আত্মোৎসৰ্গ কৰিব জানে। ইংৰাজ জাতি পৃথিবীৰ সপ্তমাংশৰ অধীশ্বৰ, ইংৰাজ-গৌৰব পৃথিবীময় ৰাষ্ট্ৰ; ইয়াৰ মুখ্য কাৰণ ইংৰাজৰ অকৃত্ৰিম জাতীয়প্ৰীতি, ইংৰাজৰ অসাধাৰণ আত্মত্যাগ। পাঠকসকলৰ অৱগতিৰ অৰ্থে ইংৰাজৰ জাতীয় বুৰঞ্জীৰ পৰা সিবিলাকৰ অদ্ভুত জাতীয় প্ৰেমৰ উদাহৰণ দিয়া গল। পোন প্ৰথমে ইষ্টইণ্ডিয়া কোম্পানীয়ে বেপাৰ কৰিবৰ অৰ্থে হে ভাৰতবৰ্ষলৈ আহিছিল, তেতিয়া তেওঁলোকৰ একো ৰাজকীয় শক্তি নাছিল, তেতিয়া সিবিলাক সামান্য সদাগৰ মাথোন। সেই কালত ৰাজলক্ষ্মী মোগলবংশৰ অঙ্কশোভা কৰি আছিল; মোগল ৰাজদণ্ডৰ ওচৰত সমস্ত ভাৰত তলমূৰ হৈ ৰৈছিল। আজি যি বৃটিচ-সিংহৰ গোজৰণিত ভাৰত তল ওপৰ, একালত সেই জাতি মোগল সম্ৰাটৰ অনুগ্ৰহ-ভিক্ষুক আছিল। কালৰ কি বিচিত্ৰ গতি।

 জাহাঙ্গীৰ পাতছাহৰ পিচত তংপুত্ৰ স্যাহজাহান পাতছাহ দিল্লীৰ ৰাজপাটত বহে। ইংৰাজৰ সৌভাগ্যৰ কাৰণেই হওক, নাইবা আন কাৰণেই হওক, স্যাহজাহান পাতছাহৰ জীয়েক এজনাক জুয়ে পোৰাত ডাক্তৰ বৌটন চাহেবে, বহু পুৰুষাৰ্থেৰে চিকিৎসা কৰি সম্ৰাট কন্যাৰ প্ৰাণ ৰাখে। তাতে পাতছাহে উক্ত ডাক্তৰৰ প্ৰতি সন্তুষ্ট হৈ তেওঁক উপযুক্ত বঁটা দিব খোজাত তেওঁ নিজ স্বাৰ্থলৈ হাবিলাষ নকৰি স্বজাতিৰ উপকাৰ চিন্তি যাতে কোম্পানীয়ে বিনা