পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাহিত্য-মুক্তাৱলী।


অত্যাচাৰত প্ৰায় তিনিভাগৰ এভাগ প্ৰজা অসমৰ পৰা নাইকিয়া হৈছিল; স্বামীৰ পৰা তিৰুতাক, বাপেকৰ পৰা পুতেকক, কোলাৰ কেচুৱাৰ পৰা মাকক, এই দুৰাচাৰহঁতে চিৰজন্মলৈ আঁতৰ কৰিছিল। শই শই গাওঁ দেৱালয় আদি অগ্নিত আহুতি দিয়া হৈছিল। হেজাৰ হেজাৰ সতী সাধ্বীয়ে দুৰাত্মাহঁতৰ ভীষণ কৱলত সতীত্ব-ৰত্ন বিসৰ্জ্জন দিব লগীয়াত পৰিছিল। প্ৰকৃতিৰ কাম্যকানন অসম,—মহাতপা বশিষ্ঠ, গালৱ, গোকৰ্ণকে আদি কৰি যোগী তপস্বী ঋষি-মুনিসকলৰ পবিত্ৰ আশ্ৰম অসম,—নীলাচল, অশ্বক্ৰান্ত, মণিকৰ্ণিকেশ্বৰ, উমানন্দ শুক্ৰেশ্বৰ হয়গ্ৰীৱ-মাধৱ, বিশ্বনাথ প্ৰভৃতি হিন্দুদেৱতা সকলৰ পীঠ- স্থান তীৰ্থস্থান অসম শ্মশানত পৰিণত হৈছিল। ঠিক এই সময়ৰ এদিনৰ এটি ঘটনা লৈ আজি আমি আমাৰ আখ্যান আৰম্ভ কৰিলোঁ।

 

তৃতীয় অধ্যায়।

 দেশৰ এনে অৱস্থা। ধন-প্ৰাণৰ এনেকুৱা অস্থিৰতা। ৰজা চন্দ্ৰকান্তসিংহ মানৰ ভয়ত কাপুৰুষৰ দৰে ৰাজসিংহাসন আৰু ৰাজধানী এৰি পলৰীয়া। গতিকে মানৰ সেনাপতি মিঙিমাহা তিলুৱাই ৰাজছত্ৰদণ্ড বুটলি পোৱাদি পাই তুলি ললে মানৰ অত্যাচাৰ, লুট, হত্যা, কুন্ধচ ব্যৱহাৰ আৰু নৃশংসতাত দুৰ্ভগীয়া অসমৰ টল্‌বলনি লাগি পৰিল।

 ৰমানাথ বৰুৱাই কি কৰিব, কলৈ যাব একোকে ভাবি থিৰ কৰিব পৰা নাই। তেওঁৰ বন্ধু-বান্ধৱ লগুৱা-লিক্‌চৌৰ ভালেখিনিয়ে