পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
জয়ন্তী

স্বীকাৰ কৰিব লাগিব, ৰমানাথ বৰুৱাৰ ষোল বছৰীয় সহধৰ্ম্মিণী শ্ৰীমতী জয়ন্তী দেবীক। সঁচাসঁ‌চিকৈয়ে ৰমানাথ বৰুৱাৰ পত্নী শ্ৰীমতী জয়ন্তী দেবী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্যৱতী বুলি ৰাষ্ট্ৰ আছিল।

 

দ্বিতীয় অধ্যায়।

 আজি প্ৰায় এক শতিকা হব লগীয়া হ'ল, অসম দেশ মানৰ দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয়বাৰৰ আক্ৰমণ অতি ভীষণ। এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা- ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ-শিকলি ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ দোৱাঁয়। আহোম ৰজাৰ গৌৰব ৰবি চিৰকাললৈ অস্ত যায়। ছশ বছৰ অকণ্টক ৰাজ্যভোগৰ পিচত সৌমাৰ-বিজেতা আহোম ৰজা চুকাফাৰ বংশধৰসকল বাটৰ মগনিয়াৰ হ’ল। ১৭৪২ শকৰ ২ চতৰ পৰা ১৭৪৬ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসাহঁতৰ অত্যাচাৰ, নিষ্ঠুৰতা, হত্যা আৰু লুট্‌-পাত আদিৰে অসম লালকাল আৰু জুৰুলা হয়। শেহত, ব্ৰিটিছসূৰ্য্যৰ উদয়ত, দুৰ্ভগীয়া অসমৰ পৰা, তিনিবছৰ দহমাহ উনৈশদিনব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ ওৰ পৰে। এই সময়ৰ অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ অক্ষম। শিক্ষা, কৃষি, বাণিজ্য, শিল্প, সুখ, শান্তি পাপাত্মাবিলাকৰ দৌৰাত্ম্যত দেশৰ পৰা একেবাৰেই অন্তৰ্হিত হৈছিল। ইহঁতৰ