পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ৰোগ আৰু ঔষধ সেৱন।

ৰোগী আপোনা-আপুনি ভাল হয়। পাৰ্কাৰে কয় যে, ঔষধত বেচি আস্থা নাৰাখি প্ৰকৃতিৰ ওপৰত বেচি আস্থা ৰাখিলে মৃত্যু সংখ্যা কমিব। প্ৰফেচৰ গিলমেনে কয় যে, পানী চামৰি আইৰ বা মিজলচ্ ভাল কৰিবলৈ যি এলোপ্যাথিক ঔষধ খুওৱা হয় সি উপকাৰৰ বদলি অপকাৰ হে কৰে। জৰ্ম্মান প্ৰফেচৰ মেজেনডায়ে কয় যে, চিকিৎসা শাস্ত্ৰক মানুহে এখন বিজ্ঞান বুলি কয়; মোৰ মতেৰে চিকিৎসা শাস্ত্ৰ এতিয়াও বিজ্ঞান নামৰ উপযুক্ত হোৱা নাই। কেৱে কব নোৱাৰে যে, সেই অমুকটো ৰোগৰ ঔষধ থিৰাং কৰি জানো। ৰোগী সকলে ভাবে, আমি সিহঁতক ঢোকাঢোকে ঔষধ নুখুৱালে সিহঁতৰ ৰোগ ভাল নহয়। ৰোগীসকল মূৰ্খ। প্ৰকৃতি, জীৱনী-শক্তি, কল্পনা, বিশ্বাস (Imagination and faith) এইবিলাকেই হে ৰোগ ভাল কৰে। মানুহ হৈছে জড় দেহ, মন আৰু জীৱাত্মাৰ সমষ্টি। অকল ঔষধে এই সমস্তৰে ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। মনৰ ভিতৰত ভাল বেয়া, সজ চিন্তা, কুচিন্তা, ৰিপুৰ উত্তেজনা, বিবেকৰ শক্তি এই সকলোটি আছে। যতে এইবোৰে সামঞ্জস্য ৰাখি চলে ততই মঙ্গল, যতে তাৰ ব্যতিক্ৰম ঘটে ততে ফল বেয়া। স্বাস্থ্যৰক্ষাদিৰ প্ৰণালী নিজে নাৰখি বা লঙ্ঘন কৰি বেমাৰ পৰিলে বা শৰীৰ ৰুগীয়া কৰিলে, সেই ৰোগক অকল ঔষধে ভাল নকৰে, ঔষধৰ লগে লগে স্বাস্থ্যৰক্ষাৰ প্ৰণালীবিলাক ৰক্ষা কৰি চলিব লাগিব, তেহে ৰোগ ভাল হব। অতি মাত্ৰা ঔষধে উপকাৰৰ পৰিবৰ্ত্তে অপকাৰ হে কৰে।

শ্ৰীৰজনীকান্ত বৰদলৈ।