পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাহিত্য মুক্তাৱলী

কিনি সোপাসোপে খাইছে। স্বাস্থ্যৰক্ষাৰ প্ৰণালী লঙ্ঘন কৰি দেহটোক ৰুগীয়া কৰি তাকে ভাল কৰিবৰ অৰ্থে ঢোকাঢোকে সোপাসোপে ঔষধ খাই ঘুণীয়া কৰা কামটো ধৰুৱা এজনে টেটুলৈকে ধাৰ লগাইলৈ অ’ৰ সোপা ত’ত, ত’ৰ সোপা অত মাৰি শেহত নিজ সম্পত্তি সমুলঞ্চে নষ্ট কৰা কামে সৈতে একে। স্বাস্থ্যৰক্ষাৰ উপায়বিলাক বুজি সেইবিলাক অৱলম্বন কৰি চলিলে হে দেহ সুস্থ ৰব, ঔষধ খাবৰ আৱশ্যক নকৰে। য'ত নহলে নহয় তাত অলপ-অচৰপ ঔষধ জনাশুনা ডাক্তৰ বা কবিৰাজৰ পৰা খাব। য়ুৰোপৰ বিখ্যাত ডাক্তৰ সকলে নিজে কয় যে, যিমান ডাক্তৰ কবিৰাজৰ সংখ্যা বাঢ়িছে সিমান ৰোগো সৰহ হৈছে। এই সকলৰ সংখ্যা কম হলে ৰোগো কমিলহেঁতেন। বিখ্যাত ডাক্তৰ প্ৰফেচৰ জে, ডব্লিউ, কাৰ্চ্চন, এম্‌, ডিয়ে কয় যে,—আইন শাস্ত্ৰৰ দৰে চিকিৎসা শাস্ত্ৰও এতিয়ালৈকে অসম্পূৰ্ণ, অনিশ্চিত। অৰ্থাৎ যেনেকৈ আইনৰ ধাৰাবিলাক পঢ়িয়েই অমুকটো মানুহৰ গোচৰ ভাল হব নে বেয়া হব অতি বিচক্ষণ উকীল বা বাৰিষ্টাৰেও ডাঠি কব নোৱাৰে, সেইদৰে ঔষধ জানিলেও যে সেই ঔষধে নিশ্চয় সকলোকে ভাল কৰিব এই কথাও ভাল জনাশুনা ডাক্তৰে কব নোৱাৰে। তেওঁ আকৌ কৈছে;-“আমি ৰোগীক যে ভালকৰোঁ সেইটো আমাৰ ঔষধেই ভাল কৰে নে প্ৰকৃতিয়ে হে ৰোগীক ভাল কৰে সেইটো মই কব নোৱাৰোঁ‌।” প্ৰফেচৰ ক্লাৰ্কে কয় যে, বৈদ্য বা ডাক্তৰ সকলে অনেক স্থলত ভাল কৰিবলৈ গৈ বেয়া হে কৰে। ঢোকাঢোকে ঔষধ নুখুৱাই প্ৰকৃতিৰ ওপৰত পেলাই দিলেই অনেক