পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰােগ আৰু ঔষধ সেৱন।

সেই জীৱনী-শক্তিক বা প্রকৃতিক বা ফেগ্‌চাইটক ৰোগ বা ৰােগৰ মাইক্রোববিলাক ধ্বংস কৰিবলৈ সহায় কৰে। পূজা-পাটল, জল-স্থলত মতা, জৰা-ফুকা বা ঔষধে বেমাৰ ভাল কৰা হলে মানুহ অমৰ হলহেঁতেন। এইটো কথাকে নুবুজি এফালে গাঁৱলীয়া প্ৰজাসকলে ঠায়ে ঠায়ে ৰােগ হলে ঔষধ নাখাই কেৱল পূজা-পাটল, জৰা-ফুকা বা জল-স্থলত মতাতে নিৰ্ভৰ কৰে ; আৰু আনফালে নগৰবাসী অনেক ভদ্রলােকে অলপ ৰােগতে অতিমাত্রাকৈ ঢােকাঢোকে ঔষধ খাই নিজৰ স্বাস্থ্যৰ হানি হে কৰে।

 স্বাস্থ্যৰক্ষাৰ প্রণালী নজনাৰ বাবে ভাৰতবাসী আজি ৰুগীয়া, জীর্ণ-শীর্ণ। ভাৰতবৰ্ষত যিমান পেটেন্ট ঔষধ বিক্রী হয় আন ঠাইত বােধকৰোঁ সিমান নহয়। ইংৰাজৰ বাতৰি কাকত এখন পঢ়ি চালে তাত বিজ্ঞাপনৰ ঘৰত হুইস্কিৰ দাম, কত কি খেল হব, ষ্টকৰ দাম কি ইত্যাদি বিষয় দেখিবলৈ পােৱা যায়; কিন্তু ভাৰতবৰ্ষীয় ভাষাৰ কাকত এখন পঢ়ি চালেই তাত বিজ্ঞাপনৰ ঘৰত নানাতৰহৰ পেটেন্ট ঔষধৰ দৰ-ভাও আৰু সুবাসিত তেলৰ দৰ-ভাও হে দেখিব। ইয়াৰ পৰাই এইটো বুজিব নােৱাৰি নে যে, যুৰোপীয়ানসকল সুস্থ, সবল, কর্মক্ষম, আৰু খেল (Sports) প্ৰিয় আৰু ভাৰতবাসী ৰুগীয়া, এলেহুৱা, বিলাসপ্রিয় ? ডাক্তৰ, কবিৰাজ, বৈদ্য এইসকলত বাজেও ভাৰতবৰ্ষত পেটেন্ট উপ-বিক্ৰেতাৰ দল অসংখ্য। কোনােজনে হয়তো যকৃতৰ ঔষধ, কোনোৱে প্লীহাৰ, কোনোৱে মেলেৰীয়াৰ, কোনোৱে গ্ৰহণীৰ, কোনােৱে জ্বৰৰ, কোনোৱে খৰৰ ঔষধৰ বিজ্ঞাপন দিছে। ৰুগীয়া ভাৰতবাসী সকলে সেইবিলাক