পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়।

  (১) তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল, সি খৃঃ পূঃ ১ শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল, আৰু ১৮ বিধ বিদ্যা শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰবিদ্যা, চিত্ৰাঙ্কন, মূৰ্ত্তিকটা, আৰু আন আন হাতৰ বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্ব্বেদ শিক্ষা দিছিল, বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে ছাত্ৰ আছিল। এই বিদ্যালয়তে জীৱকে ৭ বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰাও ছাত্ৰ আহিছিল, আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হল, তেতিয়া ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল।

 (২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ো খৃঃ পূঃ ৯ শতিকালৈকে বৰ্ত্তমান আছিল। এই বিশ্ববিদ্যালয় প্ৰধান শিক্ষক আছিল নাগাৰ্জ্জুন।

 (৩) নলন্দাৰ বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অঙ্ক-শাস্ত্ৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যালয় খৃঃ পূঃ ১ শতিকাৰপৰা ৮ খৃষ্টাব্দলৈকে বৰ্ত্তমান আছিল। এই বিশ্ববিদ্যালয়ৰ বাজে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শিলাভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত শিক্ষা কোনো খৰচ নোলোৱাকৈ দান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ,