মহৰিটো বুধিয়ক মানুহ, সি চাবলৈ গৈ পোৱালিকেইটাক আগত লৈ সিহঁতৰ বিষয়ে হব পৰা আটাইবোৰ প্ৰশ্ন মনক সুধি, উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেই কাৰণে সি লাগতিয়াল কথা আটাইখিনি ক’ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিবীত বহুত আছে, সিহঁত চকু থাকিও কণা।
চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ-সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাব। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত-ভবিষ্যৎ সকলো জানিছিল, আৰু কৈৱল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হলেই ধ্যান নাম পায়। পাচে, যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈৱল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান-বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই।
চিন্তা কৰিবলৈ কোনো নিৰ্দিষ্ট সময় নালাগে। শোওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙ্গৰ কথা আবিস্কাৰ কৰিছে। এজন পণ্ডিতে গা ধুবৰ সময়ত চিন্তা কৰি জল-জোখৰ প্ৰণালী আবিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা, চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়, হাতেৰে ধৰিব নোৱৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল, সমস্ত ব্ৰহ্মাণ্ড আকোঁৱালি ধৰিব পাৰে।
৺সত্যনাথ বৰা।