পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য-মুক্তাৱলী।


লগুৱাই গৈ চাই আহিল, আৰু পোৱালি তিনটা হৈছে বুলি খবৰ দিলে। ডাঙ্গৰীয়াই এই খবৰ পাই পোৱালি তিনটা কলা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি, লৰি আকৌ চাবলৈ গ'ল, আৰু উলটি আহি কলে যে পোৱালি এটা ক'লা, দুটা বগা হৈছে। ডাঙ্গৰীয়াই তাক আকৌ সুধিলে, “পোৱালি কেইটা পঠা নে পাঠী”? এই বাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে, সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙ্গৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি, তাতে থিয় হৈ থাকিবলৈ ক'লে, আৰু আন এজন মানুহ পঠিয়াই মহৰিটোক মতাই অনালে। মহৰি আহি পালত ডাঙ্গৰীয়াই তাক ক'লে, “শুনিছা নে মহৰি! আমাৰ ছাগলীজনী হুনু জগিছে, যোৱাচোন সঁচা নে মিছা চাই আহাঁগৈ”। ডাঙ্গৰীয়াৰ আজ্ঞা পাই মহৰি চাবলৈ গ'ল, আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি তিনটা হৈছে, এটা ক'লা, দুটা বগা, কলাটো আৰু বগা এটা পাঠী, সিটো পঠা, পঠা পোৱালিটো নোদোকা, পাঠী দুটা লিতা। মহৰিয়ে এবাৰ চাই আহিয়েই এই আটাইখিনি খবৰ ডাঙ্গৰীয়াক বৰ্ণাই ক'লে। এই ঘটনাৰ পাচত লগুৱাই আৰু মহৰিৰ পাটন দি সৰহ দৰ্ম্মহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱাঁ, মহৰিৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই ছাগলীৰ পোৱালি তিনটা চায়েই গুচি আহিল, সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে, সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু