১৫। নিশ্বাসৰ প্ৰতিধ্বনি উঠি
শূন্যৰ কোলাত মাৰ যায়;
পৰ্ব্বতে-কন্দৰে শুনো তাকে,
প্ৰকৃতিতো সেই হায় হায়।
১৬। মিলি আজি কান্দিছেহি সৱে,
কৃতজ্ঞতা অশ্ৰু-বৰিষণ;
পবিত্ৰ ই বিদ্যা মন্দিৰত
দিছোঁ আজি ভক্তিৰ তৰ্পণ।
শ্ৰীযতীন্দ্ৰনাথ দুৱৰা।
টীকা।
বাণী—সৰস্বতী।
অমায়িক—(ন-মায়া+ষ্ণিক্) মায়া নথকা, অহঙ্কাৰ নথকা।
বৃত্তমঞ্জৰী—সংস্কৃত ভাষাত লিখা ছন্দঃশাস্ত্ৰ। এনে বিধৰ গ্ৰন্থৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ।
ষোড়শোপচাৰ—দেৱতা পূজাৰ ষোলবিধ প্ৰণালী যেনে—
“আসনং স্বাগতং পাদ্যমৰ্ঘ্যমাচমনীয়কম্।
মধুপৰ্কাচমস্নানং বসনাভৰণানি চ॥
গন্ধপুষ্পে ধূপদীপৌ নৈৱেদ্যং ৱন্দনং তথা।”
অৰ্থাৎ আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দন।
ম্ৰিয়মাণ—( মৃ+শানচ্) মৰাৰ দৰে হোৱা বা থকা।
তৰ্পণ—( তৃপ+অনট্ ) তৃপ্তিৰ অৰ্থে দান।
প্ৰশ্ন।
১। ধীৰেশ্বৰাচাৰ্য্যৰ বিষয়ে কি জানা?
২। আচাৰ্য্যদেৱক কালিদাস বোলাৰ কাৰণ কি?