এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
জীৱন-সঙ্গীত।
৯
কল্পনা-চকুৰে চাই, যেনে কি সুন্দৰ পাই,
নকৰিবা দূৰ ভবিষ্যক পতিয়ন;
অতীত মৰিল, গল, তাৰ কথা অন্ত হ'ল,
মনৰ পৰাই তাক কৰাঁ বিসৰ্জন।
১০
যিহকে আগত পোৱা, ততালিকে কৰি যোৱাঁ,
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত;
সাহক সাৰথি কৰাঁ, কৰ্ত্তব্যৰ পাছে লৰাঁ,
ঈশ্বৰ কৰুণাময় আছে ওপৰত।
১১
মহা মহা পুৰুষৰ, চানেকীৰে জীৱনৰ,
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত;
অভিনয় শেষ হলে, আয়ু-বেলি মাৰ গলে,
থই যাব পাৰোঁ খোজ সময়-বালিত।
১২
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে,
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই।
অথাই পানীত পৰি, কক্-বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পায়।