এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
সাহিত্য-মুক্তাৱলী।
৫
সদায় চকুলো-টোকা, দুখত মগন থকা,
ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়;
এনে ভাবে কাম কৰাঁ, দিনে যেন আগ বাঢ়াঁ,
প্ৰতিদিনে খোজ যেন আগলৈ হে যায়।
৬
পল পল দণ্ড কৰি, সময় গইছে উৰি,
পাখি-লগা কাঁড়ৰ নিচিনা আমি;
বহুদূৰ আছে গতি, সময় তাকৰ অতি,
কৰিবলগীয়া আমি আছে বহুকাম।
৭
দিন যায়, আহে ৰাতি, আয়ুস গইছে টুটি,
লাহে লাহে চমু চাপি আহিছে মৰণ;
সংসাৰ যুঁজৰ ঠাই, শুবৰ সকাম নাই,
কাচি-পাৰি যুঁজা সবে কৰি প্ৰাণপণ।
৮
এলাহ-নিহালী থোৱাঁ, বীৰবেশ গাত লোৱাঁ
নহবা মৰাৰ প্ৰায় মানুহ সন্তান;
নহবা গৰুৰ দৰে, খুচিলে হে খোজ ধৰে,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।