পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য-মুক্তাৱলী।


সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা-মেখেলা বা চেলেং-চুৰিয়া বয়, সেইদৰে চিন্তায়ো নানাবিধ উপকৰণ 'অৰ্থাৎ ভাব গোটাই খুন্দি, কুটি, গুলি-পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি, আৰু নানা পুথি পঢ়ি উপকৰণবোৰ যতনাই দিয়ে, চিন্তাই নিজৰ গঢ়শালিত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে, আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱেই পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে, সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাব ওপজে, সেই ভাববোৰ সানমিহলি কৰি তাৰপৰা সাৰ বস্তুখিনি উলিয়াই ল’ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদৰাগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন, দৰ্শন আদি উপায়েৰে নানাবিধ ভাব সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাববিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদৰাগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকৰী শক্তি। চিন্তাৰ চাকত পৰি ভিন ভিন ভাববিলাক জীণ নগলে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে।

 চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায়, সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয়,