এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্য-ভাগ।
কাকূতি।
এ ভৱ গহন বন আতি মোহ-পাশে ছন্ন,
তাহে হামো হৰিণ বেড়ায়।
ফন্দিলোঁ মায়াৰ পাশে, কালব্যাধ ধায়া আসে,
কাম-ক্ৰোধ-কুত্তা খেদি খায়॥
হৰাইল চেতন হৰি, ন জানো কিমতে তৰি,
গুণিতে দগধ ভেল জীৱ।
লোভ-মোহ দুহোঁ বাঘ, সততে ন ছাড়ে লাগ,
ৰাখু ৰাখু সদাশিৱ॥
পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী,
ভৈলো মন্দ মনৰ যুগুতি।
তুৱা হৰি লাগো গোড় মোৰ মায়া-পাশ ছোড়,
শঙ্কৰ কৰয় কাকূতি॥
৺শঙ্কৰদেৱ।
টীকা।
তাহে=তাতে। ছন্ন—ঢাক খোৱা, আবৃত। হামো=মই।
ফন্দিলোঁ = ফান্দত পৰিলোঁ। কুত্তা = কুকুৰ। ভেল = হ'ল।
দুহোঁ = দুই। ন ছাড়ে=নেৰে। ৰাখু=ৰাখাঁ।
সদাশিৱ =মঙ্গলময়। সন্ধি=বাট। ভৈলো=হ'লোঁ।
তুৱা=তোমাৰ। লাগো গোড়= চৰণত ধৰোঁ। ছোড়= ছিঙা।
প্ৰশ্ন।
১। কাকুতি গীতটোৰ তাৎপৰ্য লিখাঁ।