পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
সাধনাৰ বাটত।


কৰিলোঁ।” এই চেনেহৰ বান্ধৰ দৃঢ়সঙ্কল্প চাবলৈ গলে দৰাচলতে আমি তিৰোতাৰ ভিতৰতেই দেখোঁ। পৰাধীন পদদলিত জাতি বাদ দি, যিসকলে স্বাধীনতাৰ মুকলি আকাশৰ তলত মানৱজীৱন সাৰ্থক কৰিছে, তেনে ঠাইৰ তিৰোতাৰ দৃঢ়সঙ্কল্পৰ কথা ভাবিলে নিজেই নাৰী বুলি কিছু সুখ অনুভৱ কৰোঁ। মেৱাৰৰ মহাৰাণীৰ স্বদেশ প্ৰেমিকতাৰ দৃঢ়সঙ্কল্পৰ তুলনাত সাত পুত্ৰৰ স্নেহেও নিম্ন আসন পাইছিল। ই প্ৰকৃত মহত্ত্বৰ সাধনা।

 দুজন মানুহৰ ভিতৰতেই কিমান পাৰ্থক্য দেখা যায়। এজন প্ৰাৰ্থনাশীল, আনজন হয় তো প্ৰাৰ্থনাৰ বাহিৰ সীমাৰো চাৰিহাত দুৰৈত, ইয়াৰ দ্বাৰা আমি বিচাৰ কৰিব নোৱাৰোঁ যে এজনৰ শক্তি আন জনৰ তুলনাত কম; বৰঞ্চ “সঙ্কল্প নাই” এই কথাই হে সত্য। এজনৰ জীৱনত হয়তো ঈশ্ববপ্ৰীতি লাভৰ সাধনা আছে, আনজনৰ জীৱনত ঈশ্বৰৰে সৈতে কোনো সম্পৰ্ক নাই। এইদৰেই এজনে সময় আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰে, আনজনে বিলাসিতাত আত্মহাৰা হৈ অসংযত ভাবে অৰ্থব্যয় কৰে। সঙ্কল্পৰ অভাৱেই এইসকলৰ মূল। “চন্দ্ৰতো কলঙ্ক আছে আমি কোন ছাৰ, বুলি পাতলাওঁ নিজে দোষ আপোনাৰ।”

 মানুহ অপূৰ্ণ; গতিকে আমাৰ জীৱনৰ বিশৃঙ্খলা, আমাৰ অমিতাচাৰ আৰু অপব্যয়, অহঙ্কাৰ আৰু অভিমান, বিলাসপ্ৰিয়তা প্ৰভৃতি মানৱৰ অপূৰ্ণতাৰ অৱশ্যম্ভাবী ফল। এইদৰে আমি নিজকে নিজে সান্ত্বনা দিওঁ, কিন্তু ইয়াৰ দ্বাৰা আমি আত্মপ্ৰবঞ্চিত নহওঁ নে? আমি ভবা উচিত যে আমাৰ ধৰ্ম্মশক্তি নাই। আমাৰ