পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা।


এটি কবিতাৰ সৌন্দৰ্য্য আৰু চমৎকাৰিত্ব দেখি মন একেবাৰেই বিমোহিত হয়। ধন্য তুমি কালিদাস। জগতত চন্দ্ৰ-দিবাকৰ থাকেমানে তুমি কাব্য জগতত অধিপতি হৈ থাকিবা।

৺লম্বোদৰ বৰা।

টীকা।

 কালিদাসৰ গ্ৰন্থ—ৰঘুবংশ, কুমাৰসম্ভব, মেঘদূত, শকুন্তলা, বিক্ৰমোৰ্ব্বশী, মালবিকাগ্নিমিত্ৰ, ঋতুসংহাৰ, শ্ৰুতবোধ, নলোদয় ইত্যাদি।

 ভবভূতৰ গ্ৰন্থ—মহাবীৰ চৰিত, উত্তৰ ৰামচৰিত, মালতী-মাধৱ।

প্ৰশ্ন।

 ১। কালিদাসৰ চমু পৰিচয় দিয়াঁ।

 ২। নবৰত্নৰ নাম কোৱাঁ।

 ৩। ভাৰতৰ পূৰ্ব্বগৌৰৱ ঘাইকৈ কিহত আছে?

 ৪। অৰ্থ লিখাঁ—প্ৰলয়, কীৰ্ত্তিস্তম্ভ, অলঙ্কাৰ।

_______


চিন্তা।

 বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি, কুটি, বাটি পৰম গুণকাৰী দৰব প্ৰস্তুত কৰে, সোণাৰিয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলঙ্কাৰ প্ৰস্তুত কৰে, বাঢ়ৈয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু