পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
সাহিত্য-মুক্তাৱলী।


প্ৰায় সকলোবাৰ বৈষ্ণৱ প্ৰচাৰক আৰু আসামৰ শঙ্কৰদেৱৰ ভিতৰত এই খিনিতে এটা পাৰ্থক্য দেখা যায়। শঙ্কৰদেৱৰ ধৰ্ম্মৰ প্ৰতি দৃষ্টি প্ৰধানৰূপে থাকিলেও তেওঁ মানৱ জীৱনৰ প্ৰায় সকলোবোৰ কথাতে এক নতুন সোঁত বোৱাইছিল। সাহিত্য, সমাজ, সকলোতে তেওঁৰ প্ৰভাৱ পূৰ্ণৰূপে পৰিছিল। কিন্তু সেই প্ৰভাৱ একৰকম চিৰস্থায়ী হলেও তাৰ ক্ৰমবিকাশ আৰু নহল। আমি শঙ্কৰদেৱৰ দিনৰ পৰা তেওঁৰ প্ৰদৰ্শিত পথত আগুৱাব পৰা নাই, বৰং ক্ৰমে পিচ পৰি হে গৈছোঁ।

 মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও শঙ্কৰদেৱতকৈ কম নাছিল, কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰো মত বিভিন্ন। মুক্তি অৱশ্যে দুয়ো বিচাৰে, কিন্তু শঙ্কৰে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষঙ্গিক কাৰ্য্যবিলাকক বাদ দি নগৈছিল, সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদৰ্শ মানৱ আৰু মানৱসমাজৰ সৰ্ব্বাঙ্গীন উন্নতি সাধন কৰা। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ-সংসাৰ সকলো ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সাহায্যেৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰপদাৰ্থৰ একাণপতীয়া সেৱা। শঙ্কৰ উদাৰ আৰু মাধৱদেৱ গভীৰ, এয়ে দুয়োৰো ভিতৰত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্য্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্ৰকাশ হৈ পৰিছিল। তেওঁ যি সত্যক উপলব্ধি কৰিছিল, তাকে তেওঁ সম্পূৰ্ণভাৱে জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল। এই অপূৰ্ব্ব মনস্বী তাপস মাধৱ আসাম দেশৰ এটি উজ্জ্বল ৰত্নৰূপে চিৰকাল বিৰাজ কৰিব।