ইয়াকে গীতাত ভগবানে ‘সৃজাম্যহম্’-বুলিছে। আসামতো শ্ৰীশঙ্কৰ
দেৱৰ আবিৰ্ভাবৰ আগতে এনে এক সামাজিক মৃত্যুৰ অৱস্থা
আহিছিল। শঙ্কৰদেৱে মৃতসঞ্জীবনী মন্ত্ৰেৰে আসামক আকৌ প্ৰাণ
দিলে আৰু তেখেতৰ এই অপূৰ্ব্ব কৰ্ম্ম-তৎপৰতাত দক্ষিণহস্ত
স্বৰূপ আছিল শ্ৰীমাধৱদেৱ।
অসমীয়া বৈষ্ণৱ ধৰ্ম্ম এটা সমস্ত ভাৰতব্যাপী নৱ-জীৱনৰ সূচনাৰ অংশ মাত্ৰ। য়ুৰোপৰ ফালে চকু দিলেও দেখা যায় যে তাতো এক নতুন উদ্দীপনাত নতুন ভাবত এই একে সময়তে মানৱাত্মা জাগি উঠিছে। তাতে মধ্যযুগৰ সুপ্তিৰ পিচত এই নতুন যুগৰ আগমন। এই জাগৰণক এটা জাগতিক ব্যাপাৰ বুলিলেও বঢ়াই কোৱা নহব।
য়ুৰোপীয় নৱযুগ আৰু ভাৰতীয় নবযুগৰ ভিতৰত এটা বিশেষ পাৰ্থক্য আছে। তাত কেৱল ধৰ্ম্মৰ পথত এই স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাবৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মানৱ মনৰ হাবিয়াস, এয়ে য়ুৰোপীয় নৱযুগ। কিন্তু ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্ম্মৰ অভ্যুত্থান মূলকৈ ধৰ্ম্মৰাজ্যত মানৱাত্মাৰ মুক্তিৰ কাৰণে সততে প্ৰায় আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাবৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্ম্মিক ভাৰতৰ দৃষ্টি কম আছিল। তাৰ কাৰণ ৰাজনৈতিক প্ৰভৃতি যি কাৰণেই নাথাওক, আমি স্বীকাৰ কৰিবলৈ বাধ্য যে য়ুৰোপীয় নৱযুগৰ মাহাত্ম্য ভাৰতীয় নৱযুগৰ মাহাত্ম্যতকৈ অধিক। ভাৰতৰ অন্যান্য