পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাতীয় জীৱন।

 কেইজনমান মানুহ একেলগে গোট খালেই সামাজিক বা জাতীয় জীৱন গঠিত নহয়। ব্যক্তিগত জীৱনৰ সাৰাংশবোৰ গোট খাই হে জাতীয় জীৱনৰ সৃষ্টি হয়। দৈনিক জীৱনৰ সাধাৰণ কামবোৰ আওহেলা কৰি উদ্দেশ্যবিহীন হৈ উদং ভাবে ফুৰিলে যেনেকৈ জীৱনৰ মোলকে বুজিব নোৱাৰি, সেই দৰে জাতীয় জীৱনৰ কাম নকৰিলেও জাতীয় জীৱন হেজাৰ শব্দেৰেও বুজাব নোৱাৰি। জাতীয় জীৱন বুজিবলৈ হলে, জাতীয় জীৱনৰ মঙ্গল-সাধন কৰিবলৈ হ'লে, দৈনিক জীৱনৰ প্ৰত্যেক কামতে মনত ৰাখিব লাগিব যে আমি যি কাম কৰোঁ, তাৰ ওপৰত নিজৰ ভবিষ্যৎ মঙ্গল-অমঙ্গলৰ লগে লগে আমাৰ জাতীয় জীৱনৰো মঙ্গল-অমঙ্গল নিৰ্ভৰ কৰে। আমি মনত ৰাখিব লাগিব যে আমাৰ প্ৰত্যেক কামৰ নিমিত্তে, আমি নিজৰ লগে লগে জাতীয় জীৱনৰ ওচৰতো দায়ী। আমি সদায় ভাবিব লাগিব যে আমি প্ৰত্যেকেই জাতীয় মহামন্দিৰৰ উপলখণ্ড, আৰু এডোখৰ উপলৰ দুৰ্গুণতেই সকলো মন্দিৰেই খহি যাব পাৰে। এই উদাৰ ভাব যেতিয়াই তেজৰ চলন শক্তিৰ লগত মিহলি হৈ যাব, যেতিয়াই তেজৰ চলাচলৰ লগে লগে এই ভাব মনত খেলাই থাকিব, তেতিয়া হে আমি বুজিৰ পৰিম জাতীয় জীৱন কি আৰু প্ৰকৃত জীৱনম্পন্দনেই বা কি। তেতিয়া হে বুজিম—জীৱনৰ প্ৰকৃত