মহামতি ৰামমোহন আৰু তেওঁৰ পৰম বন্ধু ডেভিড হেয়াৰ
চাহাবৰ অশেষ যত্নৰ ফলত ভাৰতত ইংৰাজী শিক্ষাৰ সূচনা হয়।
তেওঁলোক দুয়োৰো চেষ্টা আৰু কষ্ট স্বীকাৰত কলিকতাত সৰ্ব্বপ্ৰথম হিন্দুকলেজ স্থাপিত হল। ৰামমোহনে নিজৰ ধনেৰেও এটা
ইংৰাজী স্কুল স্থাপন কৰিলে। শেষত নিজৰ ব্ৰাহ্মসমাজৰ স্কুলঘৰ
এৰি দি তাত তেওঁ ডাফস্কুল প্ৰতিষ্ঠা কৰিলে। এইদৰেই মহাত্মা
ৰামমোহনৰ অশেষ যত্নৰ ফলত ভাৰতত ইংৰাজী শিক্ষাৰ পথ
প্ৰসাৰিত হল।
ইয়াৰ পিচত তেওঁ দিল্লীৰ বাদচাহৰ পৰা ‘ৰাজা’ উপাধি লাভ কৰি তেওঁৰ প্ৰতিনিধি হৈ এটা বিশেষ কামৰ নিমিত্তে বিলাতলৈ যাত্ৰা কৰিলে। বিলাতৰ পণ্ডিতসকলে তেওঁক তেওঁলোকৰ মাজত পাই মহা আনন্দ প্ৰকাশ কৰিলে। ৰামমোহনে বিলাতৰ মহাসভাত ভাৰত সম্পৰ্কে কেইবাটাও বক্তৃতা দি সকলোকে মোহিত কৰিলে।
ভাৰত-হিতকৰ অনেক সদনুষ্ঠান ফলদায়ক হবৰ কাৰণে তেওঁ তাত আন্দোলন চলাই, সেই বিষয়ে নানা যুক্তি-তৰ্ক বিলাতবাসীৰ কাণত পেলাইছিল। তেওঁৰ বাগ্মিতা আৰু পাণ্ডিত্যত মোহ গৈ সেই দেশৰ অনেক মহাপুৰুষ, কবি আৰু পণ্ডিতে তেওঁৰ লগত বন্ধুত্ব- সূত্ৰেৰে আৱদ্ধ হৈ ধন্য মানিছিল।
বৰ দুখৰ কথা এই যে, এইজন মহাবীৰ আৰু ভাৰতলৈ উলটি আহিব নোৱাৰিলে। ভাৰতবাসীক কন্দুৱাই ৰাজা ৰামমোহনে ৫৮ বছৰ বয়সত ১৮৩৩ চনৰ ২৭ চেপ্টেম্বৰৰ দিনা ব্ৰিষ্টল নগৰত নশ্বৰ দেহা এৰি অমৰধামলৈ গতি কৰিলে।