পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
সাহিত্য-মুক্তাৱলী।


পূজা কৰিবলৈ ধৰিলে। জৰ্ম্মান, ইংৰাজ আদি জাতিয়ে কালিদাসৰ কাব্যবিলাক বৰ আদৰকৈ পঢ়িবলৈ আৰু নিজ ভাষালৈ ভাঙ্গিবলৈ ধৰিছে। তেওঁলোকে এতিয়া বুজিছে যে হিন্দুজাতি একসময়ত কাব্যজখলাৰ বৰ ওখ খোপলৈকে উঠিছিল। গোটাইথন জগৎ যেতিয়া অজ্ঞান আন্ধাৰত ঢাক খাই আছিল, এই ভাৰতবৰ্ষ তেতিয়া জ্ঞানবিজ্ঞান আৰু কাব্য অলঙ্কাৰ আদিৰ জোনাকত পূৰ্ণিমাৰ জোনৰদৰে তৰবৰাই আছিল। এতিয়া ভাৰতত আগৰ জ্ঞান-ধৰমৰ আলোচনা নাই, কাব্য-অলঙ্কাৰৰ আলোচনা নাই, ভাৰতৰ সেই গৌৰৱ-সূৰ্য্য প্ৰায় মাৰ গৈছে, তথাপি এতিয়াও তাৰ অলপ অলপ পোহৰ আছে। যেতিয়ালৈকে হিন্দুৰ শাস্ত্ৰ আৰু সাহিত্য আছে, কাব্য আৰু কবিতা আছে, ব্যাস আৰু বাল্মীকি আছে, কালিদাস, আৰু ভৱভূতি আছে,—আৰু প্ৰলয়ৰ পূৰ্ব্বে এওঁলোকৰ লয়ও নাই,—তেতিয়ালৈকে ভাৰতৰ আগৰ গৌৰব লোপ নেপায়। সংস্কৃত ভাষাই—সংস্কৃত পুথিয়েই—হিন্দুজাতিৰ কীৰ্ত্তিস্তম্ভ।

 কিন্তু কালিদাসে মানুহক যিমান মুহিব পাৰিছে, আন হিন্দু-গ্ৰন্থকাৰে সিমান পৰা নাই। সংস্কৃতত সকলোতকৈ ভাল নাটক কালিদাসৰ, ভাল মহাকাব্য কালিদাসৰ, ভাল খণ্ডকাব্য কালিদাসৰ, আন কোনো কবিয়ে তেওঁৰ দৰে সকলো বিষয়তে সমান ভাবে পাৰ্গতালি দেখাব পৰা নাই। আহা ! কালিদাস কি অসাধাৰণ কবি ! তেওঁৰ ৰচনা কেনে মধুৰ !—কেনে সুললিত ! তেওঁৰ কবিতা পঢ়ামাত্ৰকে হৃদয় আনন্দত নাচিবলৈ ধৰে,—কাণত যেন স্বৰ্গৰ অপ্‌সৰাবিলাকৰ সুললিত গান হে প্ৰবেশ কৰিলে হি। এটি