পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
ৰাজা ৰামমোহন ৰায়।


তেওঁৰ অন্তৰত ব্ৰহ্মজ্ঞান জগাই দিলে। বৈদিক হিন্দুধৰ্ম আলোচনা কৰোঁতে সেই সময়ত হিন্দুসমাজৰ সংকীৰ্ণতা আৰু কুসংস্কাৰৰ প্ৰতি তেওঁৰ দৃষ্টি পৰিল আৰু তাৰ ফলস্বৰূপে তেওঁ এজন ঘোৰ সমাজ-বিদ্বেষী হৈ পৰিল।

 হিন্দুৰ প্ৰতিমা-পূজা উঠাই দিবৰ কাৰণে, নানা প্ৰকাৰ যুক্তি প্ৰদৰ্শন কৰি তেওঁ এখন কিতাপ লিখি প্ৰচাৰ কৰিলে। তেতিয়া তেওঁৰ বয়স ষোল বছৰ মাত্ৰ। সেই কিতাপত তেওঁৰ অদ্ভুত পাণ্ডিত্য, চোকাবুদ্ধি আৰু ধৰ্ম্মতত্ত্ব দেখি সকলোৱে মনে মনে তবধ মানিলে, অথচ তেওঁক ‘নাস্তিক’, ‘বিধৰ্ম্মী’ উপাধিৰে ভূষিত কৰিলে।

 তেওঁৰ পিতাক এজন নৈষ্ঠিক বৈষ্ণব আছিল। পুতেকৰ এনে মইমতীয়া ভাব আৰু সনাতন হিন্দুধৰ্ম্মৰ বিৰুদ্ধে এনে উদ্ভণ্ডালি দেখি, তেওঁ বিমোৰত পৰিল। দিনে দিনে ব্ৰাহ্মণ পণ্ডিতসকলৰ পৰা ৰামমোহনৰ বিপক্ষে অনেক কটুকথা আৰু ওজৰ-আপত্তি শুনিবলৈ পালে। শেষত একো সদুপায় স্থিৰ কৰিব নোৱাৰি ৰামকান্তই পুতেকক, সমাজৰ ভয়ত ঘৰৰ পৰা বাজ কৰি দিলে।

 পিতৃ-মাতৃ আৰু বন্ধুবান্ধৱৰ স্নেহৰ পৰা বঞ্চিত হৈয়ো তেওঁ অকণো কাতৰ নহল, অকণো ভয় নাখালে, অকণো নটলিল। তেওঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকিলে। এই আত্ম নিৰ্ভৰতাই ভবিষ্যত ৰামমোহনক যশৰ উচ্চ-সিংহাসনত বহুৱাই তেওঁৰ নাম আৰু কীৰ্ত্তি ভাৰত-বুৰঞ্জীত অমৰ কৰি ৰাখিলে।

 ৰামমোহন জমিদাৰৰ সন্তান—আনন্দ আৰু সুখৰ কোলাত পালিত, তথাপিও এই দশাত পৰি তেওঁ বিন্দুমাত্ৰ বিচলিত নহল।