পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
মহাত্মা হোচেন মনচুৰ।


যে মূৰটো কাটি পেলাব, তাকো তোমাৰ পথত তোমাক দেখি থাকোঁতেই হে।” তাৰ পাচত তেওঁৰ কাণ, নাক আদি কাটি পেলালে। এই সময়ত মহাত্মা মনচুৰে কোৰাণচৰিফৰ দুটা বচন মাতিলে, এয়ে তেওঁৰ শেষ বাক্য উচ্চাৰণ। জিভা কাটিলে একে- বাৰে শেষত। গধূলি হৈ আহিছে, এনেতে খলিফাৰ পৰা আদেশ আহিল—“তেওঁৰ মূৰ কাটি পেলোৱাঁ।” সকলো শেষ হৈ গ'ল। মহাত্মা হোচেন মনচুৰে জগতত বিশ্বাস আৰু বীৰত্বৰ অলৌকিক দৃষ্টান্ত ৰাখি হাঁহি হাঁহি প্ৰাণত্যাগ কৰিলে। ভেলটোও জুইত পুৰি ছাই কৰি পেলালে। কথিত আছে যে—সেই ছাইবোৰৰ পৰাও মানুহে “আনলহক" কথাষাৰ শুনিবলৈ পাইছিল।

এম, মোছলেহ উদ্দিন আহমদ।

টীকা।

 অপূৰ্ব্ব—( ন+পূৰ্ব্ব ) আগেয়ে নোহোৱা।

 অলক্ষিত— ( ন+লক্ষিত ) লক্ষ্য কৰিব নোৱৰা।

 নিৰুদ্দেশ— ( নিৰ্‌—উৎ—দিশ+ ঘঞ্‌ ) সন্ধান নোপোৱা।

 আক্ৰোশ—( আ—ক্ৰুশ+ঘঞ্‌ ) কোপ; খং।

প্ৰশ্ন।

 ১। মনচুৰৰ বিৰুদ্ধে কি অভিযোগ আছিল? আৰু তাৰ বিচাৰৰ ফলাফল কি হ'ল?

 ২। মনচুৰে কেনে ভাবে শাস্তি গ্ৰহণ কৰিছিল, বৰ্ণনা কৰাঁ।