পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সাহিত্য-মুক্তাৱলী।


মুকুট আকৰ্ষণ কৰিছে, তাক কাটিব পৰা মানুহ লাগে।” ভৰি দুখন কাটি পেলোৱাত কৈছিল,—“এই দুখন ভৰিৰে মই পৃথিবী ভ্ৰমণ কৰিছোঁ, কিন্তু মোৰ আৰু দুখন ভৰিও আছে, যাৰে মই স্বৰ্গলৈকো ভ্ৰমণ কৰি ফুৰিম, পাৰা যদি সেই দুখন ভৰিও কাটাচোন চাওঁ?” তাৰ পাচত তেওঁ ছিগা বাহু দুখন মুখত ঘঁহিবলৈ ধৰিলে। মানুহে সুধিলে,—“তেনে কৰিছা কিয়?” তেওঁ কলে, “মোৰ গাৰ পৰা বহুত তেজ ওলাই যোৱাত মুখ শেঁতা পৰিছে। সেই দেখি মুখত তেজ ঘঁহিছোঁ। কিয়নো, বীৰৰ মুখাঙ্গৰাগ হৈছে নিজৰ শোণিত।” তাৰ পাচত তেওঁ ছিগাবাহু দুখনকে তেজেৰে লট্‌-পটাই ললে। মানুহে সুধিলে, “সেইয়া কি কৰিছা”? তেওঁ কলে,—“এইয়া অজু কৰিছোঁ।” মানুহে সুধিলে, “ই কেনে ধৰণৰ অজু?” তেওঁ কলে,—“এইয়া প্ৰেমৰ অজু; বিনা তেজেৰে বিশুদ্ধ অজু নহয়।” এইবাৰ তেওঁৰ চকুদুটা কাঢ়ি পেলোৱা হল। দৰ্শক- বৃন্দৰ মাজত বৰ হুলস্থূল লাগি পৰিল। কোনো কোনোৱে কান্দিবলৈ ধৰিলে। কিছুমান দুৰাত্মাই তেতিয়াও শিলগুটি দলিয়াবলৈ নেৰিলে। তাৰ পাচত তেওঁৰ জিভাখন কাটি পেলাবলৈ কোৱাত তেওঁ কলে,—“অলপ সময় ৰোৱাচোন, মই দুটামান কথা কৈ লওঁ।” এই বুলি তেওঁ ওপৰলৈ মুখ তুলি কবলৈ ধৰিলে,—“পৰমেশ্বৰ, ইহঁতে যে মোক ইমানবোৰ যন্ত্ৰণা দিছে সেইবাবে যেন ইহঁতক বঞ্চিত নকৰা। সেই সম্পদৰ পৰা ইহঁতক নৈৰাশ নকৰিবা। যদিও ইহঁতে মোৰ হাত ভৰি কাটি পেলাইছে, তাকো তোমাৰ পথত হে কাটিছে। অৱশেষত