পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাত্মা হোচেন মনচুৰ।

 অদ্বিতীয় ঈশ্বৰৰ প্ৰেমিক মহাত্মা হোচেন মনচুৰৰ নিচেই সংক্ষিপ্ত ধৰ্ম্মজীৱনী ছোৱা অতি অদ্ভুত আৰু বৰ শোক-লগা। তেওঁ ঈশ্বৰৰ প্ৰেমত ইমানেই লিপ্ত হৈ গৈছিল যে, শেষত তেওঁ “আনলহক" ( ময়েই ঈশ্বৰ) এই কথাষাৰ উচ্চাৰণ কৰি গোটেই ইচলাম ধৰ্ম্মজগতত এটা অপূৰ্ব্ব হুলস্থুল কাণ্ড লগাই দিছিল। তেওঁৰ অলৌকিক আৰু আচৰিত আচৰিত ক্ৰিয়া-কাণ্ডবোৰ দেখি বহুতে তেওঁক বাজীকৰ হে বুলিছিল; সাধাৰণৰ চকুত তো তেওঁ এটা বলিয়াৰ বাহিৰে আন একোৱেই নাছিল। তেওঁক প্ৰকৃতৰূপে চিনি সম্মান আৰু ভক্তি দেখুৱাত মাথোন তিনিজনমান মানুহ হে আছিল, বাকী লৰাৰ পৰা বুঢ়ালৈ সকলোৱেই তেওঁৰ ভয়ানক বিৰোধী আৰু শত্ৰু। তেওঁ “আনলহক” কথাষাৰ উচ্চাৰণ কৰাৰ দিনাৰ পৰাই মানুহে তেওঁক “কাফেৰ” ( বিধৰ্ম্মী ) বুলিবলৈ ধৰি সকলোপিনে তেওঁৰ শত্ৰুত কৰিবলৈ ধৰিলে। শেষত তেওঁ সেই কথাৰ পৰাই “খলিফাৰ" ( শাসনকৰ্ত্তা ) কোপদৃষ্টিত পৰি শূলদণ্ডত প্ৰাণ এৰিব লগাত পৰিছিল।

 মহাত্মা হোচেন মনচুৰৰ ওপজা ঠাই বোগ্দাদ বুলিয়েই ধৰে। প্ৰথমতে তেওঁ তাৰপৰা তস্তৰলৈ আহি আবদুল্লা তস্তৰীৰ লগত দুবছৰ থাকেহি। তাৰ পাচত তেওঁ ষোলবছৰ বয়সত তস্তৰৰ পৰা