পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সাহিত্য-মুক্তাৱলী।


শেষতো থাকিব; সেই দেখিয়েই এই শক্তি অনাদি অনন্ত। এই শক্তিকেই কোনোৱে বোলে নিয়তি, কোনোৱে বোলে পৰমেশ্বৰ।

 জগতৰ সকলো জাতিয়েই এক ভাবে নহয় এক ভাবে এই শক্তিক বিশ্বাস কৰে আৰু এই বিশ্বাসেই সৃষ্টি-শৃঙ্খলাৰ মেৰুদণ্ড। অনন্ত ব্ৰহ্মাণ্ডৰ শৃঙ্খলাবদ্ধ গতিবিধি, নীতিবিগৰ্হিত কাৰ্য্যকাৰীৰ যন্ত্ৰণা, আৰু ন্যায়নিষ্ঠ লোকৰ সুখ-শান্তি দেখি পৰমেশ্বৰক সত্য, শিৱ আৰু সুন্দৰ বুলি মানুহে বিশ্বাস কৰে। এই সত্য, শিৱ আৰু সুন্দৰৰ ধ্যানত যেয়ে যেয়ে নিজকে সত্য, শিৱ আৰু সুন্দৰ কৰি গঢ়িব পাৰে। অৱশ্যে দেশ-কালৰ ভেদ-অনুযায়ী এইবিলাক গুণৰ সংজ্ঞাতো প্ৰভেদ থকাটো স্বাভাবিক। সি যি হওক, লৌকিক আদৰ্শমতে সকলোৱে ঈশ্বৰোপসনা কৰে অৰ্থাৎ নিজক ঈশ্বৰৰ ওচৰ চপাবলৈ বা ভগৱৎ-গুণসম্পন্ন কৰিবলৈ প্ৰাৰ্থনা আৰু চেষ্টা কৰে। যদিও দেশকাল-অনুযায়ী উপাসনাৰ প্ৰণালীত প্ৰভেদ দেখা যায়, তথাপি সকলোৰে মূল লক্ষ্য একে।—“আদি সেই এক, অন্ত সেই এক, একেই লক্ষ্য, একেই মূল।"

 ওপৰত কৈ অহা মহাশক্তি বা পৰমেশ্বৰক এৰি কোনো থাকিব নোৱাৰে; সকলোৱেই সেই বিৰাট বিশ্বেশ্বৰৰ অন্তৰ্গত। একলহ নাইবা এবাটি পানী, পাত্ৰৰ আবৰণ ভাঙ্গি সাগৰত পৰিব পাৰিলেই তাৰ সুকীয়া অস্তিত্ব বিনাশ পায়, কিন্তু পাত্ৰত থাকোঁতে পাত্ৰৰ নাম অনুযায়ী সিও সুকীয়া আখ্যা লাভ কৰে। আকৌ সাগৰৰ কাষ চাপিবলৈ সুযোগ নঘটিলে সেই পানীখিনি সোনকালে