পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বিদ্যাসাগৰ।


ইন্দ্ৰিয় মুঠতে ১৪টা, যেনে -
ক। বহিৰিন্দ্ৰিয়—
(১) জ্ঞানেন্দ্ৰিয় -চকু, কাণ, নাক, জিঙা, ছাল।
(২) কৰ্ম্মেন্দ্ৰিয় -বাক্, পাণি, পাদ, পায়ু, উপস্থ।
খ। অন্তৰিন্দ্ৰিয় -মন, বুদ্ধি, চিত্ত, অহঙ্কাৰ।
১। "পুণ্যৱতী ভাৰতভূমি বীৰ পুত্ৰ প্ৰসবিনী" -ইয়াৰ সত্যতা পটন্তৰ
দি দেখুওৱাঁ।
২। বিদ্যাসাগৰে কি কি মহৎ কৰ্ম্ম সম্পাদন কৰিছিল?
৩। ৰামমোহন ৰায়ৰ চমু পৰিচয় দিয়াঁ।
৪। ব্যাখ্যা কৰাঁ -পৃথিবীৰ ইতিহাস ভিন ভিন জাতিৰ উথান-পতনৰ
এটা স্থায়ী প্ৰতিধ্বনি মাথোন।
৫। প্ৰকৃতি আৰু প্ৰত্যয় লিখা —স্থায়ী, পুত্ৰ, ভাগ্যৱান, প্ৰচাৰ, প্ৰবৰ্ত্তক,
স্মৰণীয়, অধোগামী, স্নান, পাৰিবাৰিক।