সেইটো ভাবেই প্ৰকাশ হব নোৱাৰে; যদি কৰা তেন্তে কবিতা
নীৰস হব। এটা কথা মন কৰিব লাগে যে পদ্যত লিখিব
পৰা কথা গদ্যত লিখিলে একো ক্ষতি নহয়; কিন্তু যি কথা
কেৱল গদ্যৰ হে যোগ্য তাক পদ্যত লিখিলে এৱাঁ গাখীৰত
লোণ মিহলোৱা যেন হয়। গদ্যত লিখিবৰ যোগ্য ভাব এটা
কথাতে বহুত থাকিব পাৰে। আরু সেই একোটা ভাবৰে
এটা এটা বেলেগ কবিতা হব পাৰে। বসন্ত কাল, কুলি-
চৰাই, মৰণ, টোপনি ইত্যাদি বিষয় বহুত কবিয়ে বেলেগ
বেলেগ কবিতা লিখি গৈছে। এটা কথাৰে যে ভিন্ ভিন্
ভাব তাক দুই ভাগে ভগাব পাৰি। এভাগত কথাটোৰ
কেৱল স্বাভাৱিক লক্ষণ বা ৰূপ পোৱা যায়, আৰু আন
ভাগত কবিৰ নিজৰ মনৰ গতি অৰ্থাৎ সেই কথা দেখি কবিৰ
মনত কি কি ভাব উদয় হৈছিল তাৰ কথা লিখে।
বিবেচনা কৰা, এটা বিষয় দিছে “মৰণ, তাৰে দুটা তিনি টা ও কবিতা লিখিব লাগে। এই বিষয়টোৰ ভাব অনেক উলিয়াব পৰা যায়। মৰণক এবাৰ মুক্তি বা শান্তি বুলি ধৰিব পাৰি, কাৰণ মানুহ মৰিলে সাংসাৰিক সকলো যা- তনাৰ পৰা উদ্ধাৰ পায়। মৰণক চিৰনিদ্ৰা বুলিও বৰ্ণাব পৰা যায়, কিয়নো মানুহ মৰিলে আৰু দুনাই নিজীয়ে। আকৌ কোনোৱে কোনোৱে মৰণক ভয়ঙ্কৰ বস্তু কৰি বৰ্ণাই গৈছে। আন কি, সেই বৰ্ণনা পঢ়িলে মৰিবলৈ আগুৱা থাওক, তাৰ নাম শুনিলেও ভয় লাগে। এই দৰে চোৱাঁ, এক মৰণ বিষয়ৰে কেইটা ভাব ওলাল- মুক্তি, শান্তি, চিৰনিদ্ৰা, আৰু ভয়ঙ্কৰ বস্তু৷ ভাবি নিলে আৰু কত ৰকমৰ